অভিনেত্ৰী দীপিকা পাডুকনে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে। শেহতীয়াকৈ পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই তেওঁৰ দাবীক অবাস্তৱ আৰু অযুক্তিকৰ বুলি উল্লেখ কৰি তেওঁৰ ছবি স্পিৰিটৰ পৰা তেওঁক বাদ দিছিল। ইয়াৰ পিছতে দীপিকাক কলকীৰ ছিকুৱেলৰ পৰাও আঁতৰাই দিয়া হয় আৰু অপেছাদাৰী বুলি অভিযোগ উত্থাপন হয়। চলি থকা এই বিতৰ্কৰ মাজতে এতিয়া দীপিকাই এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে, যাৰ কেপচনে দৃষ্টি আকৰ্ষণ কৰিছে।
অভিনেতা শ্বাহৰুখ খানে সম্প্ৰতি বিদেশত তেওঁৰ পৰৱৰ্তী ছবি কিংৰ শ্বুটিং কৰি আছে, য’ত অভিনেত্ৰী দীপিকা পাডুকোনেও শ্বুটিঙৰ বাবে উপস্থিত হৈছে। এইখন হ’ব শ্বাহৰুখ আৰু দীপিকাৰ একেলগে ষষ্ঠখন ছবি। শ্বুটিঙৰ প্ৰথম দিনাই দীপিকাই শ্বাহৰুখ খানৰ হাতত ধৰি এখন ফটো শ্বেয়াৰ কৰি লিখিছে, প্ৰায় ১৮ বছৰ পূৰ্বে ‘ওম শান্তি ওম’ৰ শ্বুটিঙৰ সময়ত শ্বাহৰুখে মোক প্ৰথম শিক্ষা দিছিল যে ছবি এখনৰ সফলতাতকৈ অভিজ্ঞতা আৰু আপুনি কাম কৰা মানুহবোৰ অধিক গুৰুত্বপূৰ্ণ। এই কথাত মই সম্পূৰ্ণ একমত আৰু তেতিয়াৰ পৰা প্ৰতিটো সিদ্ধান্ততে এই কথা মনত ৰাখিছো। হয়তো সেইবাবেই আজি আমি একেলগে আমাৰ ষষ্ঠখন ছবি নিৰ্মাণ কৰিছো। ‘কিং’ৰ প্ৰথম দিন। অনুৰাগীসকলে দীপিকাৰ এই পোষ্টটোৰ ওপৰত মন্তব্য কৰি সমৰ্থন প্ৰকাশ কৰিছে।
দীপিকা পাডুকনে যোৱা বছৰ এটি কন্যা সন্তান জন্ম দিছিল, তাৰ পিছত দুটা ডাঙৰ প্ৰজেক্ট হেৰুৱাইছিল। কোৱা হৈছিল যে তাই ৮ ঘণ্টাৰ শ্বিফট, বিশাল পাৰিশ্ৰমিক, লাভৰ ভাগ-বতৰা, বিলাসী হোটেলত থকাৰ দৰে চৰ্ত নিৰ্ধাৰণ কৰিছিল, যাৰ বাবে দুয়োখন ছবিৰ পৰিচালকে তাইক বাদ দিছিল। অৱশ্যে দীপিকাই এতিয়া পুনৰ কামৰ গতি বাঢ়িছে। ‘কিং’ৰ পিছত ছুপাৰষ্টাৰ আল্লু অৰ্জুনে অভিনয় কৰা পৰিচালক এটলীৰ ছবিখনত দেখা যাব। এই ছবিখনত দুয়োজনে দৰ্শনীয় একচন ছিকুৱেন্স প্ৰদৰ্শন কৰা দেখা যাব।
हिन्दुस्थान समाचार / অৰৱিন্দ
