চৰাইদেউ, ০৫ জানুৱাৰী (হি স)। আজিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ-২০২৪। মহোৎসৱৰ মূল তোৰণ উম্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে । ইফালে সপ্তম বৰ্ষৰ মূল পতাকা উত্তোলন কৰে মহোৎসৱৰ সভাপতি স্থানীয় বাসীন্দা তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
প্ৰথম দিনাৰ কাৰ্যসূচীত স্মৃতি তৰ্পণ কৰে বুৰঞ্জী প্ৰসিদ্ধ চৰাইদেউ উন্নয়ন আৰু সংৰক্ষণ সমিতিৰ সভাপতি প্ৰবীণ কোঁৱৰে । ইয়াৰ পাছতেই স্বৰ্গদেউ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, পৰম্পৰাগত বাণ-ফি পূজা আয়োজন কৰা হৈছে । মহোৎসৱৰ গ্ৰন্থ আৰু বিপনী উদ্বোধন কৰিব মন্ত্ৰী যোগেন মহনে, পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য মেলা উদ্বোধন কৰিব টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোঁহাইয়ে, মঞ্চ উদ্বোধন কৰিব সাংসদ তপন গগৈয়ে । মহোৎসৱৰ শুভ উদ্বোধনী কৰিব শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে । আনহাতে অসম প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ সঞ্চালিকা দিপীৰেখা কুলিয়ে চে – ৰাই- ডই নামৰ তথ্যচিত্ৰ উন্মোচন কৰিব । সন্ধ্যা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়াকৈ চৰাইদেউ মহোৎসৱ-২০২৪ৰ আয়োজন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
