প্ৰায় তিনি বছৰৰ মূৰত ডাঙৰ পৰ্দালৈ ঘূৰি অহা কাজোলে তেওঁৰ অনুৰাগীৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে। যোৱা ২৭ জুনত ছবিগৃহত মুক্তি পালে তেওঁৰ ছবি ‘মা’, যাৰ বাবে অভিনেত্ৰীগৰাকীক যথেষ্ট প্ৰশংসা কৰা হৈছে। কিন্তু বক্স অফিচ সংগ্ৰহৰ দৃষ্টিকোণৰ পৰা এই প্ৰশংসা যদি চোৱা হয় তেন্তে ছবিখনৰ আৰম্ভণি আশা কৰাতকৈ অলপ কম আছিল। ইয়াৰ পিছতো কাজোলৰ পূৰ্বৰ মুক্তিৰ তুলনাত প্ৰথম দিনাই এটা মান্য আৰম্ভণি কৰিছে ‘মা’য়ে।
বক্স অফিচৰ ট্ৰেকাৰ ছাকনিলকৰ মতে, কাজোলৰ ছবি ‘মা’ মুক্তিৰ প্ৰথম দিনাই ভাৰতত ৪.৫০ কোটি টকা উপাৰ্জন কৰে। ছবিখনে টিকটৰ উইণ্ড’ত গড়ে মুকলি হোৱাৰ ৰেকৰ্ড গঢ়িছিল, আনহাতে মুকলিৰ দিনটোত ছবিখনে প্ৰায় ৬ কোটি টকাৰ সংখ্যা অতিক্ৰম কৰিব পাৰিব বুলি আশা কৰা হৈছিল। অৱশ্যে এনে নহ’ল। আমিৰ খানৰ ‘সীতাৰে জমীন পাৰ’ৰ প্ৰভাৱৰ বাবেই ‘মা’ৰ উপাৰ্জনত প্ৰভাৱ পৰিছে বুলি ধাৰণা কৰা হৈছে। এতিয়া আশা কৰা হৈছে যে উইকেণ্ডত ছবিখনৰ উপাৰ্জন বৃদ্ধি পাব।
বিশাল ফুৰিয়াৰ পৰিচালনাত নিৰ্মিত ‘মা’ এখন পৌৰাণিক ভয়ানক ছবি, য’ত কাজোলে প্ৰথমবাৰৰ বাবে এই ধাৰাত ভৰি দিছে। ইয়াৰ পূৰ্বে দৰ্শকে তেওঁক এনে ভূমিকাত কেতিয়াও দেখা নাছিল আৰু এই অৱতাৰত তেওঁক দেখি তেওঁৰ অনুৰাগীসকল অতিশয় উৎসাহিত হৈছিল। ছবিখনত কাজোলে ‘অম্বিকা’ নামৰ এগৰাকী শক্তিশালী আৰু দৃঢ়প্ৰতিজ্ঞ মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে, যি এগৰাকী ভয়ংকৰ কিন্তু নিষ্ঠাবান মাতৃ। ৰহস্যময় আৰু বিপদজনক শক্তিৰ পৰা জীয়েকক ৰক্ষা কৰিবলৈ তাই যিকোনো পৰিসৰলৈ যাবলৈ সাজু।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
