জনপ্ৰিয় অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেই ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছে। ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দিয়া হৈছে অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ। পুনমৰ মৃত্যুত সকলোকে স্তম্ভিত কৰি তুলিছে।
বলীউডৰ অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেৰ দেহাৱসান। এই সন্দৰ্ভত পুনম পাণ্ডেৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট কৰা হৈছে। পোষ্টটোত কোৱা হৈছে, ‘আজি ৰাতিপুৱা আমাৰ সকলোৰে বাবে এক শ্বক। কেন্সাৰৰ সৈতে যুঁজি থকা আমাৰ মৰমৰ পুনম পাণ্ডে আমাক এৰি থৈ গ’ল। এই পোষ্টটোতো লিখা আছে যে পুনম পাণ্ডেৰ ছাৰ্ভাইকেল কেন্সাৰ হৈছিল। ৯ বছৰৰ পৰা ১৪ বছৰ বয়সৰ ছোৱালীৰ বাবে বিনামূলীয়া টিকাকৰণৰ ঘোষণা। সেয়েহে পুনম পাণ্ডেৰ মৃত্যুৰ পোষ্টক লৈ নেটিজেনৰ মাজত চৰ্চা চলি আছে। কোনোবা নহয় কোনোবা কাৰণত সদায় বাতৰিৰ মাজত থাকে পুনম পাণ্ডে। কৰ’ণাৰ সময়ছোৱাত তেওঁ ছ’চিয়েল মিডিয়াত বল্ড ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। ২০১১ চনত ক্ৰিকেট বিশ্বকাপৰ সময়ত ভাৰতীয় দলে জয়ী হ’লে উলংগ হৈ পৰিব বুলি ঘোষণা কৰি আলোড়নৰ সৃষ্টি কৰিছিল।
