অহা ৮ মাৰ্চত পৰ্দাত মুক্তি পাব অজয় দেৱগানৰ আগন্তুক ছবি ‘চয়তান’। অজয় দেৱগনে এই ছবিখনৰ পোষ্টাৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই ছবিখনৰ প্ৰথম আভাস দৰ্শকে দেখিছে। এই ছবিখনৰ ধাৰাটো হ’ৰ’ৰ আৰু থ্ৰিলাৰ। সেয়ে এই ছবিখনৰ প্ৰতি দৰ্শকৰ মাজতো যথেষ্ট আগ্ৰহ প্ৰকাশ পাইছে।
কিছুদিন পূৰ্বে এই ছবিখনৰ ট্ৰেইলাৰটোও মুক্তি পাইছিল। এই ছবিখনত অজয় দেৱগনৰ লগতে অন্যান্য অভিনেতাসকলক দেখা যাব। লগতে এতিয়া এই ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে। এই পোষ্টাৰখনত অজয় দেৱগনক অতি তীব্ৰ ৰূপত দেখা গৈছে। এই পোষ্টাৰখনৰ কেপচনত তেওঁ লিখিছে, “পৰিয়ালৰ কথা আহিলে তেওঁ প্ৰতিজন চয়তানৰ লগত যুঁজিব।” অজয় দেৱগনৰ এই পোষ্টাৰখনত অভিনেতাজনৰ চকুত চয়তানৰ ভয় স্পষ্টকৈ দেখা গৈছে। এইখন এখন অতিপ্ৰাকৃতিক থ্ৰিলাৰ ছবি। এই ছবিখনত ভিলেইনৰ চৰিত্ৰত দেখা যাব আৰ মাধৱনক।
এই ছবিখনৰ পৰিচালক বিকাশ বাহলৰ। ইয়াৰ উপৰিও ইয়াৰ প্ৰযোজক অজয় দেৱগন, জ্যোতি দেশপাণ্ডে, কুমাৰ পাঠক আৰু অভিষেক পাঠকে। এই ছবিখনত অজয় দেৱগন, জ্যোতিকা আৰু আৰ মাধৱনক মুখ্য চৰিত্ৰত দেখা যাব। দৃশ্যাম আৰু দৃষ্টিম ২ৰ পিছত আকৌ এবাৰ আহি আছে পাৰিবাৰিক বিষয় লৈ অজয় দেৱগন। তেওঁৰ কাহিনীটো দৰ্শকে কিমান ভাল পায় সেয়া চাবলৈ গুৰুত্বপূৰ্ণ হ’ব।
