গোলাঘাট, । গোলাঘাট জিলাৰ খুমটাইৰ কমাৰগাঁৱত এজাক মহিলা সম্প্ৰতি ব্যস্ত হৈ পৰিছে ভাওনাৰ আখৰাত । কোনো যদি দিছে প্ৰৱেশৰ খোজ, কোনোৱে আওৰাইছে সংলাপ । অহা ১৬ মাৰ্চত কমাৰগাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব মহিলাৰ ভাওনা । এই উপলক্ষে ব্য়স্ত হৈ পৰিছে শিল্পী অনুৰাগী মহিলাসকল।
উল্লেখ্য় যে কমাৰগাঁও অঞ্চলৰ অৰ্ধশতাধিক মহিলাই যোৱা এমাহ ধৰি কৰিছে ভাওনাৰ আখৰা । মহাপুৰুষীয়া আৰ্হিৰ নাট ৰাম পৰাজয়, সীতাৰ পাতাল গমন পৰিৱেশন কৰিব এইসকল মহিলাই । ঘৰুৱা জঞ্জালৰ পৰা আতৰি মহাপুৰুষীয়া কৃষ্টি-সংষ্কৃতিৰ সৈতে একাত্ম হ’বলৈ পাই আনন্দিত হৈ পৰিছে ছোৱালী-বোৱাৰীসকল । অঞ্চলটোৰ ৰাইজে অধীৰ অপেক্ষাৰে বাট চাইছে ভাওনাখনলৈ। অহা ১৬ মাৰ্চত ভাওনা চাবলৈ সকলোকে নিমন্ত্ৰন জনাইছে মহিলা শিল্পীসকলে।
