চিৰাং, ০৪ ডিছেম্বৰ ( হি স)। ডিচেম্বৰ মাহ মানেই বনভোজৰ বতৰ। ডিচেম্বৰ মাহৰ আজি প্ৰথমটো সোমবাৰ। ডিছেম্বৰৰ আজি প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজকাৰী দলৰ ভীৰ পৰিলক্ষিত হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষাগুৰু সকলোৱে একেলগে এসাজ খাই কৰিছে আনন্দ ফুৰ্তি। নাছিছে বাগিছে মুঠতে লৈছে বনভোজৰ সোৱাদ। কোনোৱে কৰিছে নৌকাবিহাৰ, কোনোৱে কৰিছে জীপ ছাফাৰী। চৌদিশে আনন্দ উল্লাহে ভৰি পৰিছে উদ্যানখন ৷ তাৰ লগতে পৰ্যটকক আদৰিবলৈ উদ্যান পক্ষই লৈছে প্ৰস্তুতি। এনেদৰে মানাহৰ বেকী নৈৰ বালিচৰত এতিয়া বনভোজ দলৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
