অভিনেত্ৰী সংগীতা বিজলানীৰ ফাৰ্ম হাউচত পোহৰলৈ আহিছে চুৰি আৰু লণ্ড ভণ্ড কৰাৰ এক চাঞ্চল্যকৰ ঘটনা। পুনে জিলাৰ মাভাল অঞ্চলত অৱস্থিত তেওঁৰ ফাৰ্ম হাউচত এই ঘটনা সংঘটিত হয়, য’ত অভিনেত্ৰীগৰাকীয়ে প্ৰায় চাৰি মাহৰ পিছত উপস্থিত হৈ তাত যথেষ্ট ক্ষতিসাধন হোৱা দেখিবলৈ পায়। আৰক্ষীৰ মতে, ফাৰ্ম হাউচটোৰ পৰা বহু মূল্যবান সামগ্ৰী নোহোৱা হোৱা দেখা গৈছে আৰু লণ্ড ভণ্ড কৰাৰো স্পষ্ট চিনো দেখা গৈছে। লগে লগে সংগীতাই স্থানীয় থানাত এজাহাৰ দাখিল কৰে, তাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এই ঘটনাত যথেষ্ট স্তম্ভিত আৰু আঘাতপ্ৰাপ্ত হৈছে অভিনেত্ৰীগৰাকী।
আৰক্ষীক দিয়া এজাহাৰত সংগীতা বিজলানীয়ে জনোৱা মতে, ফাৰ্ম হাউচত উপস্থিত হোৱাৰ লগে লগে মূল দুৱাৰখন ভাঙি থোৱাৰ লগতে খিৰিকীৰ গ্ৰীলটোও ওলাই থকা অৱস্থাত উদ্ধাৰ হয়। ঘৰৰ ভিতৰলৈ গৈ তাই দেখিলে যে টিভিটো নোহোৱা হৈছে। ইয়াৰ বাহিৰেও চোৰে বিচনা, ফ্ৰীজ আনকি চিচিটিভি কেমেৰাও ভাঙি পেলাইছিল। সংগীতাই কয় যে যোৱা কেইমাহমানৰ পৰা পিতৃৰ অসুস্থতাৰ বাবে ফাৰ্ম হাউচলৈ আহিব পৰা নাছিল, যাৰ বাবে তাত থকা পৰিস্থিতি জানিব পৰা নাছিল। আৰক্ষীয়ে এতিয়া দাঁতিকাষৰীয়া অঞ্চলৰ চিচিটিভি ফুটেজ স্কেন কৰি অচিনাকি লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
সংগীতা বিজলানীয়ে ঘটনা সন্দৰ্ভত কয়, মই মোৰ ঘৰুৱা সহায়ক দুগৰাকীৰ সৈতে ফাৰ্ম হাউচত উপস্থিত হ’লোঁ। তাত উপস্থিত হোৱাৰ লগে লগে দেখিলোঁ যে মূল দুৱাৰখন ভাঙি গৈছে আৰু খিৰিকীৰ গ্ৰীলটোও ক্ষতিগ্ৰস্ত হৈছে। এটা টিভি নোহোৱা হৈছে, আনহাতে আনটো ভাঙি যোৱা দেখা গৈছে। ওপৰৰ মহলাত সকলোতে বস্তু সিঁচৰতি হৈ আছিল। কিছুমান মূল্যৱান সামগ্ৰীও দেখা পোৱা নাছিল।
বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত বিষয়াসকলে তদন্ত কৰি সন্দেহযুক্ত লোককেইজনৰ তালাচী অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
