
ধেমাজি, ২৮ ছেপ্টেম্বৰ (হি.স.): অসমৰ জাতীয় জীৱনৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গক শ্ৰদ্ধা জনাই নাট্যকৰ্মী হৰিচন্দ্ৰ কামানৰ প্ৰযোজনা আৰু পৰিচালনাৰে মিচিং জনগোষ্ঠীয় এখন সুন্দৰ বোলছবি গোমাংগ (GOMMANG)ৰ গোগামুখ মিচিং কৃষ্টি ভৱনত আজি শুভমুক্তি দিয়া হয়। এক ব্যতিক্ৰমী চিন্তাৰে উন্নত কাৰিকৰী কৌশলেৰে সামাজিক দায়বদ্ধতাৰ উপৰত ৰচনা কৰা বোলছবিখনৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মূখ্য কাৰ্যৱাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷
ইফালে প্ৰযোজক তথা পৰিচালক হৰিচন্দ্ৰ কামানে নিৰ্মাণ কৰা প্ৰযোজনা কৰা গোমাংগ বোলছবি খনত ৰোমাঞ্চ, ট্ৰেজেডী, হাহি কান্দোনেৰেমাজেৰে বৰ্তমান সময়ৰ লগত খাপ খুৱাই দৰ্শকৰ মাজলৈ এৰি দিয়া হৈছে৷ ছবি খনৰ পঞ্চাশটা দৰ্শনী ইতিমধ্যে বুকিং হৈছে । মিছিং অধ্যুষিত এলেকাৰ লোকসকলক চিনেমাখন উপভোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
