লক্ষিমপুৰ, ২১ ডিছেম্বৰ (হি.স.): লক্ষিমপুৰ জিলাৰ পদুমণি নাহৰণি দুলুং বনগাঁৱত দুলুং সোৱণশিৰি মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিব ধৰিছে। অহা কাইলৈৰ পৰা আৰম্ভ হ’ব দুলুং সোৱণশিৰি মহোৎসৱ। অহা ২২, ২৩, ২৪ ডিছেম্বৰত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব দুলুং সোৱণশিৰি মহোৎসৱ।
চিয়া নাহৰ থকা এছিয়াৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল হৈছে দুলুং সংৰক্ষিত বনাঞ্চল। দুলুং কনজাৰভেচন চ’ছাইটিৰ উদ্যোগত আৰু এম এ চি ইক’টুৰিজম ডেভেলপমেন্ট চ’ছাইটি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ’ব এই দুলুং হৈছে এই মহোৎসৱৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
