
শিৱসাগৰ, ১১ নৱেম্বৰ ( হি স)। সমাগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাসলৈ মাজত মাথো কিছুদিন বাকী। ৰাসৰ আগমুহূৰ্তত আমগুৰি ঐতিহাসিক জৰাবাৰী সত্ৰৰ মুখাশিল্পী প্ৰদীপ হাজৰিকা ব্যস্ত হৈ পৰিছে মুখা প্ৰস্তুত কৰাত। এই মুখাশিল্পক লৈ ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপন কৰি জীৱনৰ বাটত বাট বুলিছে মুখাশিল্পী প্ৰদীপ হাজৰিকাই।
২০১০ চনৰ পৰা মুখাশিল্পৰ লগত জড়িত প্ৰদীপ হাজৰিকাই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সাজসজ্জাৰ বাবে বিভিন্ন মুখা প্ৰস্তুত কৰাত ব্যস্ত হৈ উঠিছে। শিৱসাগৰ, যোৰহাট, দুলীয়াজনকে ধৰি মুখাশিল্পী প্ৰদীপ হাজৰিকাৰ ৰাসৰ মুখা এইবাৰ বাংগালোৰৰ বাবে প্ৰৱাসী অসমীয়াই বুক কৰা বুলি প্ৰকাশ কৰিছে।
সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাৰে যোৱা তেৰ বছৰ ধৰি শিল্পী প্ৰদীপ হাজৰিকাই নিজৰ লগতে অন্য দহজন যুৱকক এই শিল্পকৰ্মত জড়িত কৰাই আৰ্থিকভাৱে সকাহ দি আহিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
