কামৰূপ, ১১ নৱেম্বৰ (হি.স.)। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত পুৱতি নিশা এছ টি এফৰ অভিযান। এছ টি এফৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ তত্বাবধানত তথা কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত চলা এক অভিযানত এখন নৈশ বাছৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহত পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়।
আজি পুৱতি নিশা কামৰূপ জিলাৰ বাইহাটাত এছ টি এফৰ এটা দলে অভিযান চলায় এ এছ ০১ কিউ ০৭৫৭ নম্বৰৰ নৈশ বাছখনৰ পৰা ১৫০ গ্ৰাম ড্ৰাগছ জব্দ কৰে। এই অভিযানত জব্দ কৰা হয় ১কৌটি ২০ লাখ টকা মুল্যৰ হেৰোইন। আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে বৰপেটা জিলাৰ কলগাছিয়াৰ ভেৰাগাওঁৰ বাতেন আলীৰ নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক। আৰক্ষীৰ জেৰাত বাতেনে জনায় যে মনিপুৰৰ পৰা যিয়ে যিমান ইচ্ছা সিমান আনিব পাৰে ড্ৰাগছ। মনিপুৰৰ পৰা নিৰ্বিঘ্নে অতি সহজে অসম তথা অন্য বৰ্হিৰাজ্যলৈ প্ৰতিনিয়ত সৰবৰাহ হৈ আছে বুজন পৰিমাণৰ কোটি কোটি টকাৰ ড্ৰাগছ। আৰক্ষীয়ে এই ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
