ধেমাজি, ০৪ ডিছেম্বৰ ( হি স)। মুক্তি লাভ কৰিব লগা মিচিং বোলছবি দৰচাঙৰ গীত মুকলি কৰা হৈছে। মিচিং জনগোষ্ঠীৰ বিশিষ্ট প্ৰযোজক ভাইটি গাম আৰু বলিউডৰ এক্সন ডাইৰেক্টৰৰ লগতে মিচিং জনগোষ্ঠীৰ বিশিষ্ট নাট্যকাৰ য়কচাৰ কুলিৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত দৰচাং নামৰ মিচিং বোলছবিখনৰ গীত এটি দেওবাৰে সন্ধ্যা গোগামুখস্থিত টুগেদাৰ মেনচঙত শুভ মুকলি কৰা হয়।
গীতটোৰ মুকলি অনুষ্ঠানত টিএমপিকেৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চান দঞি পাংগিং, মিচিং সাহিত্য সভাৰ প্ৰাক্তন সচিব ডিম্বেশ্বৰ দলে, কৌতুক অভিনেতা চন্দন পেগু, বলিউডৰ এক্সন ডাইৰেক্টৰ বিনোদ কুম্বাং আৰু প্ৰযোজক অভিনেতা ভাইটি গাম উপস্থিত থকাৰ লগতে বহুতো চিনেমাৰ কলা কৌশলী উপস্থিত থাকে।
বৰ্তমান সময়ত ড্ৰাগছৰ কবলত পৰি কেনেদৰে নৱপ্ৰজন্ম সকলে নিজৰ জীৱনটো কেনেদৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে তাৰ মূল্য লক্ষ্য আগত ৰাখি দৰচাং মিচিং বোলছবি খনৰ নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
