সম্প্ৰতি চলচ্চিত্ৰ জগতত পৰিচালক ৰবীন্দ্ৰ গৌতমৰ আগন্তুক ছবি ‘অজয়: দ্য অনটল্ড ষ্ট’ৰী অৱ এ যোগী’ক লৈ চৰ্চা চলিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনে তেওঁৰ সংগ্ৰামৰে ভৰা যাত্ৰাক ডাঙৰ পৰ্দাত আনিবলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ মেকাৰসকলে ইয়াৰ শক্তিশালী ট্ৰেইলাৰ মুকলি কৰিছে, যিটো চোৱাৰ পিছত দৰ্শকৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে।
ট্ৰেইলাৰত দেখুওৱা হৈছে গোৰখপুৰৰ সংগ্ৰাম আৰু ছাত্ৰ জীৱন
ট্ৰেইলাৰত যোগী আদিত্যনাথৰ সংগ্ৰাম, ছাত্ৰ জীৱন আৰু জীৱনৰ পৰ্যায়সমূহ, যিয়ে তেওঁক এজন সাধাৰণ ছাত্ৰৰ পৰা আৰু পিছলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰা গোৰখনাথ মঠৰ মহন্ত কৰি তোলাৰ লগতে গোৰখপুৰৰ আভাস দেখুৱাইছে। কঠিন পৰিস্থিতি আৰু সামাজিক প্ৰত্যাহ্বানৰ সৈতে যুঁজি তেওঁ কেনেকৈ নিজৰ পৰিচয় সৃষ্টি কৰিছিল সেয়াও ইয়াত দেখুওৱা হৈছে।
যোগীৰ ভূমিকাত অনন্ত যোশী, পৰেশ ৰাৱালৰ এটা বিশেষ ভূমিকাও আছে
ছবিখনত যোগী আদিত্যনাথৰ চৰিত্ৰত অভিনয় কৰিছে অনন্ত যোশীয়ে। ট্ৰেইলাৰত তেওঁৰ অভিনয়ৰ আভাসে দৰ্শকক আপ্লুত কৰিছে। একে সময়তে জ্যেষ্ঠ অভিনেতা পৰেশ ৰাৱালকো ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও ‘অজয়’ৰ ষ্টাৰকাষ্টত দীনেশ লাল যাদৱ (নিৰাহুৱা), অজয় মেংগী, পৱন মালহোত্ৰা, ৰাজেশ খট্টৰ, গৰিমা বিক্ৰান্ত সিং আৰু সৰৱাৰ আহুজা আদি অভিনেতাই কাহিনীটোক অধিক শক্তিশালী কৰি তুলিছে।
মুক্তিৰ তাৰিখ ঘোষণা
‘অজয়: দ্য অনটল্ড ষ্ট’ৰী অৱ এ যোগী’ ছবিখনক লৈ দৰ্শকৰ মাজত এক উৎসাহৰ সৃষ্টি হৈছে। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱাৰ কথাও নিৰ্মাতাসকলে ঘোষণা কৰিছে।চলচ্চিত্ৰ উদ্যোগৰ বিশেষজ্ঞসকলৰ মতে এনে জীৱনীমূলক ছবিয়ে দৰ্শকক মনোৰঞ্জন দিয়াই নহয়, সমাজ আৰু ৰাজনীতিৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰতিও সচেতন কৰি তোলে। এতিয়া লক্ষ্যণীয় হ’ব ‘অজয়’ দৰ্শকৰ হৃদয়ত কিমান গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
