‘বিগ বছ-১৭’ত টিভি অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু তেওঁৰ স্বামী বিকি জৈনৰ মাজত যথেষ্ট মতভেদ দেখা গৈছে। বহু সময়ত অংকিতা আৰু বিকি জৈনেও বিয়াৰ পৰা অব্যাহতি লোৱাৰ কথা পাতি থকা দেখা গৈছিল।
অংকিতা লোখাণ্ডে প্ৰায়ে তেওঁৰ প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ কথা কোৱা দেখা যায়। এতিয়া তেওঁৰ স্বামী বিকি জৈনেও সুশান্তৰ মৃত্যুৰ পিছৰ কঠিন দিনবোৰত কেনেকৈ তেওঁৰ কাষত থিয় হৈছিল সেই কথা মনত পেলাইছিল। বৰ্তমান বিগ বছত দেখা গৈছে যে ভিকি আৰু অংকিতাৰ সম্পৰ্কত তিক্ততা দেখা গৈছে। বিগ বছৰ ফাইনেললৈ মাত্ৰ দুসপ্তাহ বাকী আছে আৰু এই যুটিৰ মাজত যুঁজ আৰু বৃদ্ধি পাইছে।
সুশান্ত সিং ৰাজপুত আৰু অংকিতা লোখাণ্ডে একেলগে কাম কৰিছিল ‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকত। ইয়াৰ পিছত দুয়ো ইজনে সিজনৰ প্ৰেমত পৰিল। দুয়োজনে প্ৰায় ছবছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল যদিও পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটে। ২০২০ চনত সুশান্ত সিঙে আত্মহত্যা কৰে আৰু তাৰ পিছত ২০২১ চনত অংকিতাই ভিকিৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
