বাক্সা, ২৩ নৱেম্বৰ (হি.স.): বাক্সাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত দিঘলদঙাত এইবেলি পালন কৰা হ’ব ৬৬ সংখ্যক দিঘলদঙা ৰাস উৎসৱ। অহা ২৬ নবেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব লগা ৰাস উৎসৱত এইবেলি প্ৰথমবাৰৰ বাবে ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি জনাইছে উদযাপন সমিতিয়ে।
ৰাসলৈ মাজত মাথো দুদিন মান বাকী থকা অৱস্থাত মৃন্ময় মুৰ্তি সমুহ প্ৰায় সাজু কৰি তুলিছে। হিন্দু , মুছলমান, নেপালী, আদিবাসী, বডো আদি ভিন্ন জনগোষ্ঠীৰে পৰিপুৰ্ন অঞ্চলটোৰ ৰাইজে ১৯৫৭ চনৰ পৰা সমন্বয়ৰ মনোভাবেৰে উৎসৱৰ কাম সকলোৱে একেলগে কৰি অহাৰ কথা কলে উদযাপন সমিতিয়ে। যি সময়ত একাংশই হিন্দু -মুচলমানৰ বিভাজন আনিব বিচাৰে সেই সময়ত দিঘলদঙা ৰাস উৎসৱত মুছলমান সকলে সম্পুৰ্ন সহযোগীতা আগবঢোৱাত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে অঞ্চলবাসী ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
