অভিনেতা ববি দেউল এই উদ্যোগৰ অন্যতম শক্তিশালী আৰু প্ৰিয় অভিনেতা। শেহতীয়াকৈ তেওঁক ‘হাউছফুল ৫’ত বিশেষ অতিথি চৰিত্ৰত দেখা গৈছিল, য’ত তেওঁৰ সৰু কিন্তু আকৰ্ষণীয় অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। এতিয়া ববি দেউলে নিজৰ পৰৱৰ্তী ছবিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে তেওঁ নিজৰ ৰূপ সম্পূৰ্ণৰূপে সলনি কৰিছে। তেওঁৰ চুলি আৰু দাড়ি-গোঁফ বাঢ়িছে, যাৰ বাবে তেওঁৰ নতুন অৱতাৰটো অতি ৰহস্যময় আৰু শক্তিশালী দেখা গৈছে। বিশেষ কথাটো হ’ল এই ছবিখনত ববী দেউলক এনে এটা চৰিত্ৰত দেখা যাব যিটো চৰিত্ৰত তেওঁক আগতে কেতিয়াও দেখা নাছিল। এই সম্পূৰ্ণ নতুন শৈলীত তেওঁক দেখি দৰ্শক অতিশয় উৎসাহিত হৈ পৰিছে।
খবৰ অনুসৰি ববি দেউলে তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে এক প্ৰচণ্ড পৰিৱৰ্তন সাধন কৰিছে। তেওঁ কেৱল নিজৰ সমগ্ৰ ৰূপ সলনি কৰাই নহয়, চৰিত্ৰটোৰ চাহিদা বিবেচনা কৰি প্ৰায় ১৫ কেজি ওজনো কমিছে। সূত্ৰ অনুসৰি, এই ছবিখনত ববি দেউলক এনে এটা অৱতাৰত দেখা যাব যিটো দৰ্শকে আজিলৈকে দেখা নাই। তেওঁৰ চৰিত্ৰটোৰ শাৰীৰিক প্ৰয়োজনীয়তাক মনত ৰাখি তেওঁ যি কঠোৰ পৰিশ্ৰম কৰিছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। ছবিখনৰ চেটৰ পৰা তেওঁৰ কিছুমান ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁৰ পৰিৱৰ্তিত ৰূপটো দেখি অনুৰাগীসকলে অতিশয় উৎসাহিত যেন দেখা গৈছে। ববিৰ এই নতুন ষ্টাইলটোৱে নিশ্চিতভাৱে দৰ্শকক আচৰিত কৰিবলৈ গৈ আছে।
বহু প্ৰত্যাশিত ছবি ‘হৰি হৰ বীৰা মাল্লু’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে ববি দেউলে। এই পিৰিয়ড একচন ড্ৰামা ছবিখন অহা ২৪ জুলাইত চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে।কৃষ্ণ জাগৰলামুদী আৰু এ এম জ্যোতি কৃষ্ণৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও ববি দেউলৰ আন এখন ডাঙৰ ছবি ‘আলফা’ও আছে, য’ত তেওঁ আলিয়া ভাট আৰু শৰ্বাৰী ৱাগৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব। ২৫ ডিচেম্বৰত মুক্তি পাব এই একচন ভৰ্তি ছবিখন।দুয়োটা প্ৰজেক্টক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উৎসাহ, আৰু ববীৰ ৰূপান্তৰ দেখি তেওঁৰ ছবিৰ প্ৰতি আশা আৰু অধিক বৃদ্ধি পাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
