নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ অভিলেখ ভংগকাৰী বৃদ্ধি আজিও অব্যাহত আছে। এই দুয়োটা চিকচিকিয়া ধাতুই শক্তিৰ নতুন শিখৰত উপনীত হ’ল। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ১৭৫০ টকাৰ পৰা ১৯১০ টকাৰ ভিতৰত বৃদ্ধি পাইছে। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্যও ৩ হাজাৰ টকা জঁপিয়াই পৰিল।
এই মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,২৩,৯৪০ টকাৰ পৰা ১,২৪,০৯০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,১৩,৬১০ টকাৰ পৰা ১,১৩,৭৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৬০,১০০ টকাত বিক্ৰী হৈছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,০৯০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৩,৭৬০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,২৩,৯৪০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৩,৬১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ খুচুৰা মূল্য ১,২৩,৯৯০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ দৰ ১,১৩,৬৬০ টকা ।
এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৯৪০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,১৩,৬১০ টকাত বিক্ৰী হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৯৪০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৩,৬১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,০৯০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৬০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,২৩,৯৯০ টকা, আনহাতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৩,৬৬০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,০৯০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,১৩,৭৬০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৯৪০ ₹ । একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,১৩,৬১০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
