ট্ৰেইলাৰৰ বাবে ইয়াৰ আচৰিত ধৰণৰ ভিজুৱেল, অসাধাৰণ চাউণ্ডট্ৰেক আৰু ছবিখনৰ কুটিল আভাসেৰে ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰাৰ পিছত প্ৰাইম ভিডিঅ’ই বহু প্ৰত্যাশিত ছবি ‘পিপ্পা’ৰ প্ৰথমটো গীত ‘ৰেম্পেজ ৰেপ’ মুক্তি পোৱাত উৎসাহৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত ঈশানক ভাৰতৰ আটাইতকৈ মাৰাত্মক যুদ্ধৰ সৈতে মোকাবিলা কৰাৰ অভিযানত ভাৰতীয় সেনাৰ কেপ্তেইন বলৰাম সিং মেহতাৰ চৰিত্ৰত দেখা গৈছে।
প্ৰসিদ্ধ গায়ক সুৰকাৰ এ আৰ ৰহমানৰ দ্বাৰা ৰচিত এই গীতটোত কিছুমান ৰোমাঞ্চকৰ আৰু এড্ৰিনেলিন পাম্পিং বিট আছে যিয়ে দৰ্শকক কেৱল ৰোমাঞ্চিত কৰাই নহয় কাহিনীটোৰ সৈতেও নিয়োজিত কৰি ৰাখে। এম চি হেমৰ দ্বাৰা লিখা আৰু এম চি হেম আৰু ক্রিষ্টালে গোৱা এই গীতটোৱে এক প্ৰবল দেশপ্ৰেমৰ অনুভূতিৰ সৃষ্টি কৰে।
গীতটোৰ বিষয়ে কোৱাৰ সময়ত এ আৰ ৰহমানে কয়, “ৰেপ পৰম্পৰাৰ সৈতে এক শক্তিশালী সংযোগ বজাই ৰাখি আৰু ছবিখনৰ বিষয়বস্তুৰ প্ৰতি নিষ্ঠাবান হৈ থকাৰ লগতে ৰেপৰ স্পন্দনশীল শক্তিক উচ্চ কৰাৰ এক অভিলাষী প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে। এম চি হেমে ৭/৮ ৰেপ সৃষ্টি আৰু একেলগে ৰখাত উল্লেখযোগ্য দক্ষতা প্ৰদৰ্শন কৰিছে, যিটো তেওঁৰ সন্মুখত উপস্থাপন কৰা প্ৰত্যাহ্বান বিবেচনা কৰিলে যথেষ্ট বিৰল কৃতিত্ব আছিল। এই গীতটোৱে ছবিখনৰ কিছুমান গুৰুত্বপূৰ্ণ মুহূৰ্তত নিজৰ স্থান বিচাৰি পায়।”
আৰ এছ ভি পি আৰু সিদ্ধাৰ্থ ৰয় কাপুৰৰ ৰয় কাপুৰ ফিল্মছৰ বেনাৰত ৰনি স্ক্ৰুভালাৰ প্ৰযোজনা আৰু ৰাজা কৃষ্ণ মেননৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ঈশানে বাস্তৱ জীৱনৰ যুদ্ধ নায়ক কেপ্তেইন বলৰাম সিং মেহতাৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ লগতে মৃণাল ঠাকুৰ, প্ৰিয়ংশু পাইন্যুলি আৰু ছোনী ৰাজদান গুৰুত্বপূৰ্ণ ভূমিকাত আছে। বৈশ্বিক স্তৰত ১০ নৱেম্বৰত প্ৰাইম ভিডিঅ’ত একচেটিয়াভাৱে প্ৰিমিয়াৰ হ’ব পিপ্পাৰ।
হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ/অৰবিন্দ
