মৰিগাঁও, ০৭ নৱেম্বৰ (হি.স.): মৰিগাঁৱৰ মৈৰাবাৰী বজাৰৰ মাজমজিয়াত ড্ৰাগছ সহ ৫৫ বছৰীয়া বৃদ্ধ আটক কৰা হৈছে। যুৱকৰ লগতে বৃদ্ধ লোকো নামি পৰিছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ত। সোমবাৰে সন্ধিয়া মৈৰাবাৰী বজাৰৰ মাজমজিয়াত ৫৫ বছৰীয়া এজন বৃদ্ধক ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতে ড্ৰাগছ সহ আটক কৰে আৰক্ষীয়ে।
এক গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰী বজাৰৰ তিনি আলিত এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী আহমদ আলীক। আহমদ আলীৰ ঘৰ মৰিগাঁৱৰ বৰচাপৰি গাঁৱত। আলী পূৰ্বতেও ড্ৰাগছ ব্যৱসায় কৰা অপৰাধত ৰঙা ঘৰৰ আলহী হৈছিল। বৰ্তমান ড্ৰাগছ ব্যৱসায়ী আহমদ আলীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
