প্ৰখ্যাত গায়িকা চেলিনা গোমেজ এতিয়া আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হৈছে। তেওঁ তেওঁৰ বন্ধু তথা সংগীত প্ৰযোজক-গীতিকাৰ বেনি ব্লাংকোৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে । বিয়াৰ বাবে বহুদিনৰ পৰা বাতৰিৰ শিৰোনাম দখল কৰা চেলিনাই ৩৩ বছৰ বয়সত তেওঁৰ তুলনাত চাৰি বছৰ ডাঙৰ বেনীৰ হাতত ধৰিছিল। ছ’চিয়েল মিডিয়াত তেওঁৰ বিবাহৰ কথা ঘোষণা কৰি সুন্দৰ ফটোও শ্বেয়াৰ কৰিছে। ২৭ ছেপ্টেম্বৰত খ্ৰীষ্টান পৰম্পৰা অনুসৰি চেলিনা আৰু বেনীয়ে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ বিয়াৰ ছবি অনলাইনত ভাইৰেল হৈছে, আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগী আৰু চেলিব্ৰিটিয়ে তেওঁলোকৰ শুভেচ্ছা প্ৰেৰণ কৰিছে। ফটোত স্পষ্টকৈ দেখা গৈছে দম্পতীহালৰ ইজনে সিজনৰ প্ৰতি থকা গভীৰ প্ৰেম। মন কৰিবলগীয়া যে ২০২৩ চনত চেলিনা আৰু বেনীয়ে নিজৰ সম্পৰ্ক ৰাজহুৱা কৰিছিল আৰু যোৱা ডিচেম্বৰ মাহত জোৰণ (এংগেজমেণ্ট) হৈছিল।
এই বিশেষ দিনটোক স্মৰণীয় কৰি তুলিবলৈ চেলিনাই কোনো সুৰুঙা এৰি যোৱা নাছিল। তাইৰ বিয়াৰ সাজ-পোছাকৰ পৰা আৰম্ভ কৰি নিমন্ত্ৰণ কাৰ্ড আৰু স্থানলৈকে সকলো ব্যতিক্ৰমী আছিল। খবৰ অনুসৰি বিয়াৰ নিমন্ত্ৰণী পত্ৰ প্ৰস্তুত কৰাৰ দায়িত্ব এটা মেক্সিকান কোম্পানীয়ে লৈছিল। এই কাৰ্ডসমূহৰ আভাস ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে। চেলিনা আৰু বেনি ব্লাংকোৰ বিয়াত বহু ভিআইপি অতিথিয়ে অংশগ্ৰহণ কৰিছিল যদিও পপ গায়িকা টেইলৰ চুইফটে সৰ্বাধিক শিৰোনাম দখল কৰিছিল। চেলিনাই নিজৰ অতিথিসকলৰ থকাৰ বাবে আড়ম্বৰপূৰ্ণ ব্যৱস্থা কৰিছিল যদিও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি টেইলৰ চুইফটে আন অতিথিসকলৰ সৈতে নাথাকিল। কেলিফৰ্ণিয়াৰ মণ্টেচিটোৰ বিয়াৰ স্থানৰ ওচৰত তেওঁ নিজৰ বাবে ব্যক্তিগত লজ বুকিং কৰিলে।
বেনিৰ প্ৰকৃত নাম বেঞ্জামিন জোচেফ লেভিন। তেওঁ এজন প্ৰখ্যাত ৰেকৰ্ড প্ৰযোজক, গীতিকাৰ, আৰু সংগীত শিল্পী। বেনীয়ে স্বয়ং গীত লিখে আৰু ৰেকৰ্ডিং কৰে। চেলিনাৰ প্ৰাক্তন প্ৰেমিক জাষ্টিন বিবাৰৰ সৈতেও তেওঁ কাম কৰিছে। এড শ্বিৰান, হালচি, কেটি পেৰী, কেছা, ব্ৰিটনি স্পিয়াৰ্ছ, ৰিহানা আদি ডাঙৰ তাৰকাসকলৰ বাবেও তেওঁ কেইবাটাও হিট গীত লিখিছে আৰু প্ৰযোজনা কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
