মুম্বাইত ৪৫ দিনীয়া মেগা একচন সূচী সমাপ্ত কৰাৰ পিছত যশৰ বহু প্ৰত্যাশিত ছবি টক্সিক: এ ফেয়াৰটেল ফৰ গ্ৰ’ন-আপছৰ সৰ্ববৃহৎ আৰু তীব্ৰ শ্বুটিং ছেগমেণ্ট সম্পূৰ্ণ হৈছে। এই সূচী ভাৰতীয় চিনেমাৰ ইতিহাসৰ আটাইতকৈ অভিলাষী আৰু প্ৰত্যাহ্বানমূলক বুলি বিবেচিত হৈছে। হলিউডৰ একচন পৰিচালক জে জে পেৰীৰ তত্বাৱধানত চিত্ৰগ্ৰহণ কৰা এই হাই অক্টেন সূচীত কেইবাটাও বিপজ্জনক আৰু গ্ৰেণ্ড একচন ছিকুৱেন্স আছিল যিবোৰ দৰ্শকে ডাঙৰ পৰ্দাত চাবলৈ এক উপহাৰ হ’ব। ২০২৬ চনৰ ১৯ মাৰ্চত বিশ্বজুৰি ছবিগৃহত মুক্তি পাব টক্সিক।
সূত্ৰ অনুসৰি, মুম্বাইৰ সূচী আছিল আটাইতকৈ কঠিন আৰু ভৱিষ্যৎ। ইমান বৃহৎ আৰু পৰীক্ষামূলক একচন ছিকুৱেন্স ভাৰতীয় চিনেমাত ইয়াৰ আগতে খুব কমেইহে দেখা পোৱা গৈছে। যশে গীতু মহণ্ডাছৰ অনন্য কাহিনী কোৱা শৈলীৰ সৈতে জে জে পেৰীৰ একচন বিশেষজ্ঞতাৰ সংমিশ্ৰণ ঘটাই এনেকুৱা কিবা এটা সৃষ্টি কৰিছে যিটো দৰ্শকৰ বাবে এক অবিস্মৰণীয় চিনেমাৰ অভিজ্ঞতা হ’ব।
এতিয়া ছেপ্টেম্বৰৰ শেষ সপ্তাহত ছবিখনৰ চূড়ান্ত সূচীৰ বাবে বেংগালুৰুলৈ ৰাওনা হ’ব দলটোৱে। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব শ্বুটিং। মুম্বাইৰ সূচী সমাপ্ত হোৱাৰ লগে লগে যশে “টক্সিক”ৰ বাবে বিশ্বব্যাপী অংশীদাৰিত্বৰ কাম কৰিবলৈ লণ্ডনলৈ ৰাওনা হ’ব। গীতু মহন্তৰ পৰিচালনাৰে ছবিখনৰ একচন কোৰিঅ’গ্ৰাফী জে জে পেৰীয়ে। ইয়াৰ প্ৰযোজনা কৰিছে ভেংকট কে নাৰায়ণ আৰু যশৰ কোম্পানী মনষ্টাৰ মাইণ্ড ক্ৰিয়েচনে। কানাড়া আৰু ইংৰাজী ভাষাত নিৰ্মিত এই ছবিখন হিন্দী, তেলেগু, তামিল, আৰু মালয়ালম ভাষাত ডাব কৰি মুক্তি পাব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
