পাঞ্জাবী সংগীত জগতৰ পৰা আহিছে দুখৰ খবৰ। প্ৰখ্যাত কণ্ঠশিল্পী ৰাজবীৰ জৱাণ্ডা এতিয়া আমাৰ লগত নাই। খবৰ অনুসৰি যোৱা ৮ অক্টোবৰত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ সংগীত জগত আৰু অনুৰাগীক গভীৰভাৱে স্তম্ভিত কৰি তুলিছে। ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি পাঞ্জাবী মনোৰঞ্জন উদ্যোগলৈকে এই খবৰত সকলোৱে মৰ্মাহত হৈ পৰিছে।
খবৰ অনুসৰি যোৱা ২৭ ছেপ্টেম্বৰত ৰাজবীৰ হিমাচল প্ৰদেশৰ শিমলাত এক পথ দুৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাত তেওঁৰ মূৰ আৰু মেৰুদণ্ডৰ গুৰুতৰ আঘাত পাইছিল। চিকিৎসাৰ সময়তো তেওঁৰ হাৰ্ট এটেক হয়, যাৰ ফলত তেওঁৰ অৱস্থা আৰু অৱনতি ঘটে। মোহলীৰ ফৰ্টিছ হাস্পতালত প্ৰায় ১১ দিন জীৱন-মৃত্যুৰ মাজত সংগ্ৰাম কৰিছিল। চিকিৎসকৰ সকলো প্ৰচেষ্টা সত্ত্বেও তেওঁক বচাব নোৱাৰিলে আৰু ৮ অক্টোবৰত শেষ নিশ্বাস ত্যাগ কৰিলে।
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ কথা নিশ্চিত কৰিছে প্ৰখ্যাত অভিনেত্ৰী নীৰু বাজৱাই ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে। ইনষ্টাগ্ৰামত এক আৱেগিক টোকা যোগে ৰাজবীৰ জৱাণ্ডাক আন্তৰিক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ লিখিছে যে সংগীত জগতখনে এজন সঁচা প্ৰতিভাশালী শিল্পীক হেৰুৱাইছে। নীৰু বাজৱাৰ উপৰিও কেইবাজনো পাঞ্জাবী শিল্পীয়েও ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে।
মাত্ৰ ৩৫ বছৰ বয়সতে ৰাজবীৰে পাঞ্জাবী সংগীতক নতুন উচ্চতালৈ লৈ গৈছিল। জোৰ, সোহনী, ৰব কৰকে, তু দিছদা পাইণ্ডা, মৰ্নি, ধেয়ান, খুছ ৰেহ কাৰ, জোগিয়া আদি কেইবাটাও ছুপাৰহিট গীতৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছিল। মাটিৰ সুগন্ধি আৰু আৱেগৰ গভীৰতা প্ৰতিফলিত কৰা তেওঁৰ কণ্ঠই তেওঁক লাখ লাখ লোকৰ প্ৰিয় কৰি তুলিছিল।
গান গোৱাৰ উপৰিও ৰাজবীৰ জৱাণ্ডাই কেইবাখনো পাঞ্জাবী ছবিতো অভিনয় কৰিছিল। তেওঁৰ সৰলতা, নম্ৰ স্বভাৱ আৰু হৃদয়স্পৰ্শী গীতে তেওঁক কেৱল পঞ্জাৱৰ সংগীতপ্ৰেমীসকলৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমীসকলৰ বাবেও প্ৰিয় কৰি তুলিছিল। তেওঁৰ অনুৰাগী আৰু সতীৰ্থ শিল্পীসকলে শ্ৰদ্ধাঞ্জলি পোষ্ট কৰি প্ৰকাশ কৰিছে যে ৰাজবীৰৰ অভাৱ পাঞ্জাবী সংগীত জগতত গভীৰভাৱে অনুভৱ কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
