নলবাৰী, ২৭ ডিছেম্বৰ (হি স)। মাধ্যম আন্দোলনৰ কৰ্ণধাৰ প্ৰয়াত ছাত্ৰ নেতা প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ সোঁৱৰণত নলবাৰীত ৩৪ সংখ্যক প্ৰসন্ন নাৰায়ণ চৌধুৰী সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ২৮, ২৯ আৰু ৩০ ডিছেম্বৰত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ’ব এই নাট প্ৰতিযোগিতা।
প্ৰথম দিনা ২৮ ডিছেম্বৰৰ দিনা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হ’ব নাট প্ৰতিযোগিতাৰ। প্ৰথম দিনা নাট প্ৰতিযোগিতা শুভাৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বোলছবি নিৰ্মাতা আৰু পৰিচালক ৰীমা দাসে।
আনহাতে উক্ত দিনাই সন্ধিয়া বিশিষ্ট নাট্যকাৰ, তথ্য চিত্ৰ নিৰ্মাতা গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰৰ কাৰ্য্যবাহী বিষয়া বিভু দত্ত বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰিব ছাত্ৰ সন্থাৰ নেতৃত্বই। উল্লেখ্যে তিনিদিনীয়াকৈ অনুষ্ঠিতব্য এই নাট প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২১ টাকৈ নাট্যদলে নাট পৰিৱেশন কৰিব।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
