যোৰহাট, ২১ জুন (হি.স.)। ৰাভা দিৱসৰ উপলক্ষে শুকুৰবাৰে নিশা তিতাবৰত কলাগুৰুক সুঁৱৰি নাটক প্ৰদৰ্শন কৰা হয়। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত ৰচিত নাটক বাগ্ৰুকগিৰ বিষ্ণু প্ৰসাদ প্ৰদৰ্শন কৰা হয়।
ৰাগিনী প্ৰডাকচনৰ উদ্যোগত আৰু তিতাবৰৰ ১৩ টাকৈ জাতীয় সংগঠনৰ সহযোগত প্ৰদৰ্শন কৰা হয় এই নাটক। তিতাবৰৰ দেৱ কুমাৰ বৰা ৰাজহুৱা প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰা এই নাটকত মুখ্য চৰিত্ৰত ৰূপায়ন কৰে অসম ৰাজ্যিক চলচ্চিত্ৰ,বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ আলেক্ষ বৰুৱা, আৰু জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাই। প্ৰতিজন অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয়ে দৰ্শক ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়।
নাট্যকাৰ, পৰিচালক প্ৰভাত গোস্বামীৰ পৰিচালনাত আৰু অলকা বৰুৱাৰ প্ৰযোজনাত প্ৰদৰ্শন কৰা নাটক খনে দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈও সক্ষম হয় ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
