দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণৰ বহু প্ৰত্যাশিত ছবি ‘হৰি হৰ বীৰ মল্লু’ চলিত বৰ্ষৰ ২৪ জুলাইত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰে। গ্ৰেণ্ড চেট, দৰ্শনীয় ভিজুৱেল আৰু শক্তিশালী অভিনেতা-অভিনেত্ৰীৰ বাবে এই ছবিখনৰ পৰা দৰ্শক আৰু নিৰ্মাতা দুয়োৰে বহু আশা আছিল। কিন্তু প্ৰায় ৩০০ কোটি টকাৰ বিপুল খৰছত নিৰ্মিত ছবিখনে প্ৰত্যাশাৰ দৰে চিনেমাগৃহত ঢাপলি মেলিব নোৱাৰিলে। মুক্তিৰ পাছত এই ছবিখনে সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ১১৬.৮২ কোটি টকা উপাৰ্জন কৰে।
বক্স অফিচত আশা কৰা ধৰণে সফলতা লাভ নকৰাৰ পিছত এতিয়া ছবিখনে ডিজিটেল মাধ্যমত নতুন ইনিংছ আৰম্ভ কৰিছে। এতিয়া দৰ্শকে অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত পোনপটীয়াকৈ চাব পাৰিব ‘হৰি হৰ বীৰ মাল্লু’। এনে পৰিস্থিতিত ছবিগৃহত এই ছবিখন মিছ কৰা দৰ্শকৰ বাবে এতিয়া ঘৰতে বহি এই পিৰিয়ড নাটকখন চোৱাৰ এক সোণালী সুযোগ।
ছবিখনৰ মুক্তিৰ কথা ঘোষণা কৰি আমাজন প্ৰাইম ভিডিঅ’ই লিখিছে, চহৰখনলৈ আহিছে নতুন ৰবিনহুড, নাম ‘হৰি হৰ বীৰা মাল্লু।’ এই লাইনে অনুৰাগীৰ উৎসাহ আৰু অধিক বৃদ্ধি কৰিছে। চিনেমাখনৰ কাহিনী ঘূৰি আছে এগৰাকী কাল্পনিক যোদ্ধা বীৰা মাল্লুৰ ওপৰত, যাক জনসাধাৰণৰ ‘ৰবিন হুড’ বুলি কোৱা হয়। এই শক্তিশালী চৰিত্ৰটোক জীৱন্ত কৰি তুলিছে পৱন কল্যাণে। তেওঁৰ লগতে ববি দেউল আৰু নিধি আগৰৱালাইও ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ববি দেউলৰ ধূসৰ ছাঁযুক্ত চৰিত্ৰটোৱেই আছিল ছবিখনৰ আলোকপাত, আনহাতে নিধি আগৰৱালে তেওঁৰ নিৰ্দোষতা আৰু অভিনয়েৰে আপ্লুত কৰিছিল। এই মেগা প্ৰজেক্টৰ যৌথ পৰিচালনা কৰিছে কৃষ্ণ জাগৰলামুডী আৰু এ এম জ্যোতি কৃষ্ণই। ছবিখনে অ’টিটিত মুক্তিৰ জৰিয়তে পুনৰবাৰ নতুন জীৱন লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া ‘হৰি হৰ বীৰ মল্লু’ই ডিজিটেল দৰ্শকৰ মাজত কিমান প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে সেয়া চাবলৈ আগ্ৰহী হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
