লণ্ডন, ২০ আগষ্ট (হি.স.)। লিভাৰপুলৰ তাৰকা ষ্ট্ৰাইকাৰ মহম্মদ চালাহে সৃষ্টি কৰিছে এক নতুন ইতিহাস। তৃতীয়বাৰৰ বাবে প্ৰফেচনেল ফুটবলাৰ্ছ এছ’চিয়েশ্যন (পিএফএ)ৰ পুৰুষৰ বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পূৰ্বে ২০১৮ আৰু ২০২২ চনত ছালাহে এই খিতাপ দখল কৰিছিল। এইবাৰ তেওঁ ছয়জন খেলুৱৈৰ চৰ্টলিষ্টত শীৰ্ষস্থান দখল কৰিছিল, য’ত তেওঁৰ লিভাৰপুলৰ সতীৰ্থ এলেক্সিছ মেক এলিষ্টাৰ, মানচেষ্টাৰ ইউনাইটেডৰ ব্ৰুনো ফাৰ্নাণ্ডেজ, নিউকেষ্টলৰ ষ্ট্ৰাইকাৰ আলেকজেণ্ডাৰ ইছাক, চেলছীৰ ক’ল পামৰ আৰু আৰ্চেনালৰ ডেক্লান ৰাইছ আছিল।
যোৱা ছিজনত লিভাৰপুলে প্ৰিমিয়াৰ লীগ খিতাপ জয় কৰাত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে এই সন্মান লাভ কৰিছিল ৩৩ বছৰীয়া ছালাহে। ২০২৪-২৫ ছিজনত ২৯টা গ’ল আৰু ১৮টা এছিষ্ট দি তেওঁ লীগৰ সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়।
ইয়াৰ উপৰিও ছালাহে এই ছিজনত প্ৰিমিয়াৰ লীগৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু ফুটবল ৰাইটাৰ্ছ এছ’চিয়েশ্যনৰ বছৰৰ শ্ৰেষ্ঠ ফুটবলাৰ বঁটাও লাভ কৰে।
ইয়াৰ উপৰিও এষ্টন ভিলাৰ মিডফিল্ডাৰ মৰ্গান ৰ’জাৰ্ছক বছৰৰ শ্ৰেষ্ঠ যুৱ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে ইংলেণ্ডৰ প্ৰাক্তন মেনেজাৰ গেৰেথ চাউথগেটক ২০২৫ চনৰ পিএফএ মেৰিট বঁটা প্ৰদান কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
