নতুন দিল্লী, ০৩ ডিছেম্বৰ (হি.স.) বিশ্বজুৰি সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ইয়াৰ বাবেই সোণৰ মূল্য এতিয়ালৈকে সৰ্বোচ্চ স্তৰত উপনীত হৈছে।
এইচ ডি এফ চি ছিকিউৰিটিজৰ তথ্য অনুসৰি শুকুৰবাৰে দিল্লীৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ মূল্য ১০০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৬৩,৩০০ টকা হয়। ইয়াৰ পূৰ্বে ২৪ কেৰেট সোণৰ মূল্য আছিল ৬৩,২০০ টকা। একে সময়তে ৰূপৰ মূল্যও ৫০০ টকা বৃদ্ধি পোৱাৰ লগতে ৭৯,৭০০ টকাৰ কাষ চাপিছে।
সোণৰ দাম বৃদ্ধিৰ কাৰণ হৈছে বিশ্ব পৰ্যায়ত সোণৰ বিপুল ক্ৰয়, যাৰ বাবে ইয়াৰ মূল্য অবিৰতভাৱে উচ্চ হৈ আছে। আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীৰ বজাৰত সোণৰ স্পট মূল্য প্ৰতি আউন্সত ২০৪২ ডলাৰ হৈছেগৈ। পূৰ্বৰ ট্ৰেডিং চেচনতকৈ এইটো প্ৰায় ২ ডলাৰ বেছি। একে সময়তে ৰূপৰ মূল্যও প্ৰতি আউন্সত প্ৰায় ২৫.৩০ ডলাৰ হৈছেগৈ।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
