বিগ বছ ১৭ত বহু পুৰণি অভিলেখ ভংগ হ’ব। এই ছিজনটো আৰু অধিক ৰোমাঞ্চকৰ হ’ব। এনে বহু কথা বিগ বছৰ ১৭ সংখ্যক ছিজনত দেখা যাব, যিবোৰ আগতে কেতিয়াও দেখা নাছিল। বৰ্তমান এই শ্ব’টোৰ বাবে বহুত উন্মাদনা দেখা গৈছে। ইফালে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বিগ বছ ১৭ৰ প্ৰিমিয়াৰৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত দুগৰাকী প্ৰতিযোগীয়ে ঘৰত প্ৰৱেশ কৰাৰ আগতে কাজিয়া কৰা দেখা গৈছে। এই প্ৰিমিয়াৰত ছলমানক আকৌ এবাৰ নিজৰ শ্বেগত প্ৰৱেশ কৰা দেখা যাব। ইয়াৰ পিছত ঘৰত প্ৰৱেশ কৰাৰ আগতে ছলমানৰ সন্মুখত দুজন প্ৰতিযোগীৰ মাজত তীব্ৰ কাজিয়া হয়। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা দেখা গৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ যুঁজৰ ভিডিঅ’।
বিগ বছ ১৭ ৰ এই ভিডিঅ’টো এটা টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত ছলমানক মঞ্চত থিয় হৈ থকা দেখা গৈছে। তেওঁৰ প্ৰতিযোগী দুগৰাকী থিয় হৈ থকা দেখা গৈছে। এই দুয়োজন প্ৰতিযোগীয়ে ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা দেখা গৈছে। ভিডিঅ’টোত এগৰাকী ছোৱালীয়ে কোৱা দেখা গৈছে যে, “মই একেবাৰে নিবিচাৰো যে তুমি মোৰ জীৱনলৈ ঘূৰি আহিবা।” যাৰ উত্তৰত পুৰুষ প্ৰতিযোগীয়ে কয়, “মই তোমাৰ জীৱনলৈ ঘূৰি আহিব নিবিচাৰো।” ইয়াৰ পিছত ছলমানে কয়, “আৰে বাপৰে বাপ..” শেহতীয়াকৈ বিগ বছ ১৭ৰ ঘৰৰ ভিডিঅ’ও ওলাইছে। এইবাৰ বিগ বছ ঘৰ তিনিটা খণ্ডত দেখা যাব। ইয়াৰ উপৰিও দম্পতী বনাম একক থিম থাকিব। কোৱা হৈছে যে এই অনুষ্ঠানত ৫ জন একক প্ৰতিযোগী আৰু ৪ টা দম্পতী থাকিব। প্ৰতিযোগী অংকিতা লোখণ্ডে, বিকি জৈন, মনৰা চোপ্ৰা আৰু অভিষেক কুমাৰৰ নাম পোহৰলৈ আহিছে। ১৫ অক্টোবৰৰ পৰা দৰ্শকৰ সন্মুখলৈআহিব বিগ বছ।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ/অৰবিন্দ
