‘বৰ্ডাৰ ২’ ঘোষণা হোৱাৰ পিছৰে পৰা দৰ্শকৰ উৎসাহ তুংগত উঠিছে। ছানী দেওল, দিলজিৎ দোসাঞ্জ, আহন শেট্টী আৰু বৰুণ ধাৱনৰ দৰে তাৰকা অভিনীত এই ছবিখনক ভাৰতীয় চিনেমাৰ আটাইতকৈ ডাঙৰ যুদ্ধ নাটক বুলি অভিহিত কৰা হৈছে। অনুৰাগীসকলে ইয়াৰ প্ৰতিটো গতিবিধিৰ ওপৰত চকু ৰাখিছে। এতিয়া শেহতীয়া খবৰটোৱে তেওঁলোকৰ উৎসাহ দুগুণ বৃদ্ধি কৰিছে।
খবৰ অনুসৰি ‘বৰ্ডাৰ ২’ৰ টিজাৰক চেন্সৰ ব’ৰ্ডে অনুমোদন জনাইছে। ইয়াক ইউ/এ ১৬+ প্ৰমাণপত্ৰ দিয়া হৈছে আৰু ইয়াৰ দৈৰ্ঘ্য ৭০ ছেকেণ্ড। দাবী কৰা হৈছে যে অহা ১৫ আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত এই টিজাৰ মুক্তি পাব। ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখও ঘোষণা কৰা হ’ব।
এক সূত্ৰৰ মতে, ‘বৰ্ডাৰ ২’ এখন শক্তিশালী দেশপ্ৰেমমূলক ছবি আৰু ইয়াৰ উন্মোচনৰ বাবে ১৫ আগষ্টতকৈ উত্তম দিন আৰু একো হ’ব নোৱাৰে। টিজাৰত ভাৰত বনাম পাকিস্তানৰ সংঘাতৰ আভাস পোৱা যাব আৰু লগতে জনোৱা হ’ব যে ছবিখন ২০২৬ চনৰ ২৩ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব। এই মেগা প্ৰজেক্ট অনুৰাগ সিঙে পৰিচালনা কৰিছে, আনহাতে জে পি দত্ত আৰু ভূষণ কুমাৰে যৌথভাৱে প্ৰযোজনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
