মুম্বাই/নতুন দিল্লী ০৮ আগষ্ট (হি.স.)। দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ১ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ৯.৩২ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৮.৮৭ বিলিয়ন ডলাৰ হয়। বিগত সপ্তাহত মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ২.৭০ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬৯৮.১৯ বিলিয়ন ডলাৰৰ স্তৰত উপনীত হয়।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ১ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ৯.৩২ বিলিয়ন ডলাৰ হ্ৰাস পাই ৬৮৮.৮৭ বিলিয়ন ডলাৰ হৈছে। এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ এক গুৰুত্বপূৰ্ণ উপাদান বৈদেশিক মুদ্ৰাৰ সম্পত্তি ৭.৩২ বিলিয়ন ডলাৰ হ্ৰাস পাই ৫৮১.৬১ বিলিয়ন ডলাৰ হৈছে।
তথ্য অনুসৰি এই সময়ছোৱাত সোণৰ মজুতৰ মূল্য ১.৭১ বিলিয়ন ডলাৰ হ্ৰাস পাই ৮৩.৯৯ বিলিয়ন ডলাৰ হৈছে। আৰ বি আইৰ তথ্য অনুসৰি স্পেচিয়েল ড্ৰয়িং ৰাইটছ (এছ ডি আৰ) ২৩৭ মিলিয়ন ডলাৰ হ্ৰাস পাই ১৮.৫৭ বিলিয়ন ডলাৰ হৈছে। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ)ৰ সৈতে ভাৰতৰ ৰিজাৰ্ভও ৫৯ মিলিয়ন ডলাৰ হ্ৰাস পাই ৪.৬৯ বিলিয়ন ডলাৰ হৈছে।
উল্লেখযোগ্য যে ২০২৪ চনৰ ছেপ্টেম্বৰৰ শেষৰ ফালে দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৭০৪.৮৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
