মুম্বাই, ১৯ নৱেম্বৰ (হি.স.)। বলীউডৰ অন্যতম হিট ছবি বুলি গণ্য কৰা ‘ধূম’ ছবিখনৰ পৰিচালক সঞ্জয় গাধৱীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ৫৭ বছৰ। সঞ্জয় গাধৱীৰ মৃত্যুত সমগ্ৰ পৰিয়াল আৰু সমগ্ৰ বলীউডক স্তম্ভিত কৰি তুলিছে। সচৰাচৰৰ দৰেই সঞ্জয় গাধৱীয়ে আন্ধেৰীৰ লোখণ্ডৱালা অঞ্চলত মৰ্নিং ৱাক কৰিবলৈ গৈছিল। এই সময়ছোৱাত হঠাৎ তেওঁৰ বুকুৰ বিষ হ’বলৈ ধৰিলে। লগে লগে তেওঁক কোকিলাবেন আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
যশ ৰাজ ফিল্মছৰ সহযোগত সঞ্জয় গাধৱীয়ে পৰিচালনা কৰিছিল ধূম ১ আৰু ধূম ২। ছবিখনত অভিনয় কৰিছিল জন আব্ৰাহাম, অভিষেক বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন আৰু হৃতিক ৰোশনে। সঞ্জয়ে মেৰে ইয়াৰ কি ছাদি হায়, তেৰে লিয়ে, কিডনেপ, আজাব গজাব লাভ আৰু অপাৰেচন পৰিণ্ডে আদি ছবিও পৰিচালনা কৰিছিল।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
