গুৱাহাটী, ০৭ জানুৱাৰী (হি.স.)। যোৱা ২৯ ডিছেম্বৰৰ পৰা ৩১ জানুৱাৰীলৈ মধ্যপ্ৰদেশৰ বেটুলত অনুষ্ঠিত ৬৭ সংখ্যক ৰাষ্ট্ৰীয় স্কুল গেমছ টাইকোৱানডোত গুৱাহাটীৰ ভবাৰ্ণৱ শান্দিল্যই ৰূপৰ পদক অৰ্জন কৰে। এই প্ৰতিযোগিতাত দেশৰ ৩৩ খন ৰাজ্যৰ লগতে চি বিএছ চি, নবোদয় বিদ্যালয়, বিদ্যাভাৰতী, আই পি এছ চি, চি আই চি ই, কেন্দ্ৰীয় বিদ্যালয়কে ধৰি মুঠ ৪৪ টা দলৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
উক্ত প্ৰতিযোগিতাত ভবাৰ্ণৱ শান্দিল্যই আই পি এছ চি স্কুলৰ হৈ ১৯ বছৰ অনূৰ্দ্ধ, ৭৮ কেজি ঊৰ্ধ শাখাত খেলি ৰূপৰ পদক জয় কৰে। ভবাৰ্ণৱ গুৱাহাটীৰ ফটাশিল আমবাৰী আকাশী পথৰ পৰাণ শৰ্মা আৰু সমীৰাণী ভট্টাচাৰ্য্যৰ পুত্ৰ। ইয়াৰ উপৰি ভবাৰ্ণৱে যোৱা ২৬-২৭ জুনত নাইনিতালত অনুস্থিত ৰাষ্ট্ৰীয় আই পি এছ চি টাইকোৱানডো প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। ভবাৰ্ণৱ বৰ্তমান তেজপুৰ আসাম ভেলী স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আৰু বিভাগ ৰয়ৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছে ।
হিন্দুস্থান সমাচাৰ/আলোক/মনোজ
