গুৱাহাটীৰ চছলত চিত্ৰশিল্পী অনলজ্যোতি দাস সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
গুৱাহাটী, ১৬ নবেম্বৰ (হি.স.)। চিত্ৰশিল্পী স্বৰ্গীয় অনলজ্যোতি দাস সোঁৱৰণী সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷
প্ৰয়াত চিত্ৰশিল্পী অনলজ্যোতি দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্যসূচীত চিত্ৰশিল্পী অনলজ্যোতি দাসৰ ২০ খন দৃষ্টি নন্দন চিত্ৰশিল্পৰ একক চিত্ৰ প্ৰদৰ্শনী মূকলি কৰা হয় । ডেৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা চৰিটা শাখাত সীমাবদ্ধ থকা চিত্ৰাংকন প্ৰতিযোগিতাত ক- শাখাত হ’লি চাইল্ড স্কুলৰ কৃষ্টিনা বৈশ্যই প্ৰথম স্থান, সুদৰ্শন পাব্লিক স্কুলৰ জীয়াই কলিতাই দ্বিতীয়স্থান, মহৰ্ষি বিদ্যা মন্দিৰৰ ঈশান সাহাই তৃতীয় স্থান লাভ কৰে ৷ খ- শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান ক্ৰমান্বয়ে চেন্ট মেৰিজ স্কুলৰ আৰাধ্যা দত্ত, কেন্দ্ৰীয় বিদ্যালয় নুনমাটি আই অ চি ৰ ধনশ্ৰী বেজবৰুৱা আৰু চেন্ট মেৰিজ স্কুলৰ আদ্ৰেসা দত্তই ।
গ- শাখাত চাউথ পইণ্ট স্কুলৰ মানস প্ৰতীম ডেকাই প্ৰথম স্থান, অসম জাতীয় বিদ্যালয়ৰ বাস্তৱ দাসে দ্বিতীয় স্থান আৰু এন ই পাব্লিক স্কুলৰ মৃগাক্ষী অধিকাৰীয়ে তৃতীয় স্থান লাভ কৰে আৰু ঘ শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে যথাক্ৰমে ডনবস্ক’ স্কুল পাণবজাৰৰ দ্বীপতাংশু চেটাৰ্জী, গুৱাহাটী কৰ্মাচ কলেজৰ দিক্ষীতা কাশ্যপ আৰু এন আই টিৰ লীঅ’নাৰ্ড পাঙিং য়ে । প্ৰতিযোগিতা খনিত বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী অশ্বিনী শৰ্মা , অতনু বৰুৱা , গণেশ চেত্ৰী আৰু ভৈৰৱ মেধীয়ে বিচাৰক হিচাবে অংশগ্ৰহণ কৰে ৷ বঁটা বিতৰণী সভাত আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ ময়ুৰদ্বীপ তালুকদাৰ হংসৰাজ মহন্ত আৰু অনিশা বৈশ্যই হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ মায়াবিনী গীত কন্ঠ আৰু স্ংগীতেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।আএলিতা আৰ্ট এণ্ড ক্ৰাফট স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা সভাত মূখ্য অতিথি হিচাবে গুৱাহাটি চিকিৎসা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপ অধীক্ষক ডাঃ বুধিন শইকীয়া আৰু সম্মানীয় অতিথি হিচাবে বিশিষ্ট সমাজ সংগঠক দীপাঙ্কৰ কলিতা জ্যেষ্ঠ সাংবাদিক তথা এনালাইচিচ ২৪ x ৭ ৰ মূখ্য সম্পাদক কেশৱ বৰুৱা যোগ শিক্ষক উমেশ বৰা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা ভাস্বতী কলিতা উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে ডন বস্ক’ শ্বিলংৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল চেত্ৰী, দৈনিক পূৰ্বোদয় কাকতৰ ষ্টাফ ৰিপোৰ্টাৰ সন্তোষ দাস, ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী দিব্যজ্যোতি দাস, এল এন পি কোম্পানীৰ মেডিকেল এক্সেকিউটিভ জিতু চৌধুৰী, ষ্টাৰ চিমেণ্টৰ সহকাৰী প্ৰৱন্ধক জয়ন্ত শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা বিশিষ্ঠ লেখিকা মোহিনী দেৱী, নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ডেকা চিত্ৰশিল্পী স্বৰ্গীয় অনলজ্যোতি দাসৰ জেষ্ঠা ভগ্নী যথাক্ৰমে অজয়া দাস আৰু অময়া দাস আদি ব্যক্তিসকল উপস্থিত থাকি বিজয়ী প্ৰতিযোগীসকলক নগদ ধন বঁটা আৰু মানপত্ৰ প্ৰদান কৰে ৷
শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰা প্ৰতিযোগিতাত প্ৰতিজন প্ৰতিযোগীকে অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয় । প্ৰতিযোগিতাৰ সফল ৰূপায়নৰ বাবে বিদ্যালয়ৰ প্ৰধান অধ্যাপিকা জোনাকী কলিতা তালুকদাৰে প্ৰতিযোগী, বিচাৰক মণ্ডলী, বিশিষ্ট অতিথি আদি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
