অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’বলগীয়া ‘ৰাম লাল্লা’ৰ অভিষেক অনুষ্ঠানত উপস্থিত থাকিব বহু বলিউডৰ চেলিব্ৰিটি। ৰাম মন্দিৰ কমিটীয়ে বলীউডৰ বহু শিল্পীলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে। এতিয়া আলিয়া ভাট আৰু ৰণবীৰ কাপুৰেও লাভ কৰিছে নিমন্ত্ৰণ।
শেহতীয়াকৈ আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ এখন ফটো ওলাইছে, য’ত দুয়োজনে এই বিশেষ নিমন্ত্ৰণ গ্ৰহণ কৰা দেখা গৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ একাংশ সদস্যই অভিনেত্ৰী আলিয়া ভাট আৰু অভিনেতা ৰণবীৰ কাপুৰক লগ পাইছিল। ইয়াৰে কিছুমান ছ’চিয়েল মিডিয়াত পোহৰলৈ আহিছে। এই ফটোখনত আলিয়া আৰু ৰণবীৰ দুয়োজনে নিমন্ত্ৰণী পত্ৰখন হাতত লৈ আছে। আন এখন ফটোত তেওঁক ফুলৰ থোপা দিয়া হৈছে।
চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শে নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টত এই ছবিসমূহ শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে তেওঁ কেপচনত লিখিছে, “শ্ৰী ৰামজন্মভূমি মন্দিৰ অনুষ্ঠানৰ বাবে ৰণবীৰ কাপুৰ, আলিয়া ভট্টে নিমন্ত্ৰণ লাভ কৰিছিল। আৰ এছ এছৰ সৰ্বভাৰতীয় প্ৰচাৰ মুৰব্বী সুনীল আম্বেকাৰ, আৰ এছ এছৰ কোংকন প্ৰদেশৰ প্ৰচাৰ প্ৰধান অজয় মুণ্ডপে আৰু প্ৰযোজক মহাবীৰ জৈনে আলিয়া-ৰনবীৰক সাক্ষাৎ কৰে।
ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত অক্ষয় কুমাৰ, কংগনা ৰানাৱত, অনুপম খেৰ, ছানি দেওল, প্ৰভাস, অমিতাভ বচ্চন, ৰজনীকান্তকে ধৰি বহু শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
