ছানী দেউলৰ সৈতে গদৰ আৰু গদৰ ২ৰ দৰে অভিলেখ ভংগকাৰী হিট ছবি আগবঢ়োৱা পৰিচালক অনিল শৰ্মাই এতিয়া তেওঁৰ পৰৱৰ্তী ছবিৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁৰ পূৰ্বৰ ছবি বনবাস ২০২৪ চনত মুক্তি লাভ কৰিছিল, য’ত অভিনয় কৰিছিল নানা পাটেকাৰ আৰু উৎকৰ্ষ শৰ্মাই। এতিয়া শেহতীয়া খবৰ অনুসৰি ২০২৬ চনত অনিল শৰ্মাই তেওঁৰ নতুন ছবিখনৰ শ্বুটিং আৰম্ভ কৰিব, ইতিমধ্যে শিৰোনাম আৰু মুখ্য অভিনেতাৰ কথা প্ৰকাশ পাইছে।
নতুন ছবিৰ শিৰোনাম আৰু মুখ্য অভিনেতা:
খবৰ অনুসৰি অনিল শৰ্মাৰ আগন্তুক ছবিখনৰ নাম অৰ্জুন নাগা। উল্লেখযোগ্য যে তেওঁৰ পুত্ৰ উৎকৰ্ষ শৰ্মাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব। এইখন হ’ব অনিল শৰ্মা আৰু উৎকৰ্ষৰ একেলগে পঞ্চমখন ছবি। ইয়াৰ পূৰ্বে দুয়োজনে একেলগে গদাৰ (২০০১), জিনিয়াছ (২০১৮), গদৰ ২ (২০২৩), আৰু বনবাস (২০২৪) ছবিত কাম কৰিছিল। প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ছবিখনৰ বাকী অংশৰ কাষ্টিং বৰ্তমান চলি আছে।
উৎকৰ্ষক নতুন অৱতাৰত দেখা যাব। সূত্ৰ অনুসৰি অৰ্জুন নাগাত অনিল শৰ্মাৰ চিগনেচাৰ এলিমেণ্ট একচন, ইমোচন, ড্ৰামা আৰু কমেডী আদি থাকিব। এই ছবিখনত শক্তিশালী সংগীত আৰু উৎকৰ্ষ শৰ্মাক আজিলৈকে তেওঁৰ আটাইতকৈ অনন্য আৰু শক্তিশালী অৱতাৰত প্ৰদৰ্শিত কৰা হ’ব। কাহিনীটোত কেইবাজনো খলনায়কক দেখা যাব, যাৰ সৈতে উত্তকৰ্ছে তীব্ৰ সংঘাতৰ সন্মুখীন হ’ব। খবৰ অনুসৰি অতি সোনকালে পৰিচালকে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰিব, যাৰ ফলত অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
