
হাইলাকান্দি, ০৫ নৱেম্বৰ (হি.স.): হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত গাগলাছড়া উৰিয়ালাইনত আজি পুৱা প্ৰায় ৮.৪০ বজাত সংঘটিত হয় এটা হৃদয়বিদাৰক হত্যাকাণ্ডৰ ঘটনা। চাহ পাত তুলিবলৈ ঘৰৰ পৰা ওলাই যোৱা গীতা ৰাজৱৰ (২৬) নামৰ এগৰাকী যুৱতীৰ ডিঙি ৰেপি হত্যা কৰে মহাবীৰ পাশী ওৰফে গুড্ডু পাশী (২৮) নামৰ এজন যুৱকে।
জানিব পৰা মতে, পথৰ মাজতে গীতাক আটক কৰি দুষ্কৃতিকাৰী মহাবীৰ পাশীয়ে তাইৰ ডিঙিত গভীৰ আঘাত কৰে আৰু দুয়োখন হাত কাটি দিয়ে। ঘটনাস্থলীতেই মৃত্যু হয় যুৱতীগৰাকীৰ। ইপিনে, এই ৰক্তাক্ত দৃশ্য দেখিতে মুহুৰ্তৰ মাজতে ওলাই আহে স্থানীয় ৰাইজ। মুহূর্ততে অঞ্চলজুৰি সৃষ্টি হয় আতঙ্ক আৰু চাঞ্চল্যৰ। পিছত, লালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত মহাবীৰ পাশীক গ্ৰেপ্তাৰ কৰে। হত্যাৰ বাবে ব্যৱহৃত ৰক্তাক্ত অস্ত্ৰটো জব্দ কৰা হৈছে। বৰ্তমানে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এছ. কে. ৰায় চিভিল হাস্পতাললৈ পঠিওৱা হৈছে। এই নৃশংস ঘটনাটোৱে গাগলাছড়া অঞ্চলৰ মানুষক গভীৰভাবে স্তম্ভিত কৰি তুলিছে যদিও কিন্তু এতিয়ালৈকে হত্যাৰ উদ্দ্যেশ্য স্পষ্ট হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
