কাচাৰ, ২৩ জানুৱাৰী (হি স)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে সোমবাৰে নিশা বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। গোপন তথ্যৰ ভিত্তিত সোণাই থানাৰ ভাৰপ্তাপ্ত আৰক্ষী বিষয়া (ওচি) মহাত্মা মানস সন্দিকৈৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোণাই-কাবুগঞ্জ পথত অভিযান চলাই জব্দ কৰে হেৰ’ইন ভৰ্তি ১৪৪টা প্লাষ্টিকৰ কন্টেইনাৰ। কন্টেইনাৰ কেইটাৰ পৰা ৩৩৩ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়।
উল্লেখ্য় যে বিলাসী বাহন এখনত তালাচী চলাই জব্দ কৰা হয় হেৰ’ইন খিনি। হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোক দুজন কাজিডৰ প্ৰথম খণ্ডৰ আমিৰ হুছেইন লস্কৰ (৩৬) আৰু তুলাৰগ্ৰাম দ্বিতীয়ৰ খণ্ডৰ মনোজ সিং (২৭)। আৰক্ষীয়ে সদৰি কৰা মতে, মিজোৰামৰ পৰা বিক্ৰীৰ বাবে কাছাৰলৈ আনিছিল ড্ৰাগছ খিনি। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে সোণাই-কাবুগঞ্জ পথত নাকা চেকিং বহুৱায় জব্দ কৰা হয় হেৰ’ইন খিনি। গ্ৰেপ্তাৰৰ পিছত ধৃত ড্ৰাগছ সেৱন দুজনক সোণাই থানালৈ নি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
