নতুন দিল্লী, ২৩ জানুৱাৰী (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত খাৰুৱা তেলৰ দৰ হ্ৰাস বৃদ্ধি অব্যাহত আছে। সম্প্ৰতি খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৮০ ডলাৰত ওচৰত ট্ৰেডিং কৰি আছে। অৱশ্যে, ঘৰুৱা বজাৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য এতিয়াও সুস্থিৰ হৈ আছে। ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীবোৰে দুয়োটা ইন্ধনৰ মূল্য যোৱা বছৰৰ ২২ মে’ৰ পৰাই কোনো পৰিৱৰ্তন কৰা নাই। ইণ্ডিয়ান অইলৰ ৱেবচাইট মতে আজি মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত পেট্ৰ’ল প্ৰতি লিটাৰত ৯৬.৭২ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য আছিল ৮৯.৬২ টকা।
ইণ্ডিয়ান অইল ৱেবছাইটৰ মতে, বাণিজ্যিক নগৰী মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০৬.৩১ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯৪.২৭ টকা। একে সময়তে, কলকাতাত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৬.০৩ টকা, আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯২.৭৬ টকা। একেদৰে, চেন্নাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০২.৬৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৪.২৪ টকাত উপলদ্ধ হৈ আছে।
লক্ষণীয় যে আন্তৰাষ্ট্ৰীয় বজাৰত, আজি সপ্তাহৰ দ্বিতীয় ব্যৱসায়িক দিনা ব্ৰেণ্ট ক্ৰুড প্ৰতি বেৰেলত ০.০৩ শতাংশ বা ০.০২ ডলাৰ বৃদ্ধি পাই ৮০.০৪ ডলাৰত ব্যৱসায় কৰি আছে। একেদৰে, ডব্লিউটিআই ক্ৰুডৰ দৰ প্ৰতি বেৰেলত ২.৪২ শতাংশ বা ১.৮৭ ডলাৰ বৃদ্ধি পাই ৭৫.১৯ ডলাৰত ব্যৱসায় কৰি আছে। ভাৰতত বিগত এবছৰৰো অধিক সময় ধৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ হৈ আছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
