
ধুবুৰী, ২৩ আগষ্ট (হি.স.)। ধুবুৰী জিলাৰ তামাৰহাটৰ বৰখচুৱা গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। বৰখচুৱা গাঁৱৰ সন্তোষ কুমাৰ ৰায় নামৰ ব্যক্তিজনৰ ঘৰত চলে এই অভিযান । অভিযানত উদ্ধাৰ এশটা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰা হয়। কন্টেইনাৰসহ ১২৭.৭৫ গ্ৰাম ব্ৰাউন ছুগাৰ, দুটা মোবাইল ফোন আৰু এএছ ১৬ কে ০৪০৩ নম্বৰৰ এখন পালছাৰ বাইক জব্দ কৰে । লগতে আটক সন্তোষ কুমাৰ ৰায় নামৰ ব্যক্তিজনক।
উল্লেখ্য় যে সন্তোষ কুমাৰ ৰায়ৰ পুত্ৰ নৃত্যনন্দ ৰায় কুখ্যাত ড্ৰাগছ মাফিয়া । দীৰ্ঘদিনৰ পৰা তামাৰহাটৰ বিভিন্ন অঞ্চলত নিত্যানন্দ ৰায়ে যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ বিক্ৰী অব্যাহত ৰাখিছে । গাঁৱৰ মানুহক ভয় ভাবুকিৰে নিত্যানন্দ ৰায়ে চলাই আছিল ড্ৰাগছৰ মুকলি বেহা । জানিব পৰা মতে, কালি অভিযানত নিত্যানন্দ ৰায়ক আৰক্ষীয়ে আটক কৰে যদিও আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
