–দানপাত্ৰ ভাঙি চোৰে লুটি নিলে নগদ ধন
শোণিতপুৰ, ১৫ ডিছেম্বৰ (হি স)। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঠেকেৰাগুৰিস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থানত সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। নিশাৰ ভাগত ঐতিহ্যমণ্ডিত থানখনৰ ভিতৰত চোৰে প্ৰবেশ কৰি দানপাত্ৰ ভঙি চুৰি লুটি নিয়ে নগদ ধন।
ইফালে পুৱাৰ ভাগতহে নামঘৰীয়াই থানলৈ আহি চুৰিকাণ্ড প্ৰত্যক্ষ কৰে আৰু লগে লগে ঘটনা সন্দৰ্ভত থান পৰিচালনা সমিতিৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে। ইতিমধ্যে আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত আৰাম্ভ কৰিছে।
উল্লেখ্য যে পূৰ্বতেও জামুগুৰিহাটৰ বাসুদেৱ থানত চুৰিকাণ্ড সংঘটিত হৈছিল।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
