দীপিকা পাডুকন চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী বিখ্যাত অভিনেত্ৰী । সম্প্ৰতি দীপিকা আগন্তুক ছবি ‘ফাইটাৰ’ত ব্যস্ত। এই ছবিখন বৰ্তমান চৰ্চা চলি আছে। শেহতীয়াকৈ মুক্তি পালে এই ছবিখনৰ টিজাৰ। ‘ফাইটাৰ’ৰ আলোচনাৰ সময়ত তিৰুপতী বালাজী দৰ্শন কৰিবলৈ গৈছিল দীপিকা।
অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত তিৰুপতী বালাজীৰ চৰণত দীপিকাই মূৰ দোৱালে। ইয়াৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিবলৈ বহু ভক্ত আৰু চেলিব্ৰিটি আহে। দীপিকাই তিৰুপতী বালাজী ভ্ৰমণ কৰে। দীপিকাৰ তিৰুপতী বালাজী মন্দিৰৰ এটা ভিডিঅ’ তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। এইবাৰ পৰম্পৰাগত পোছাকত দেখা গৈছিল দীপিকাক।
ইফালে কিছুদিন পূৰ্বে দীপিকাৰ ছবি ‘ফাইটাৰ’ৰ টিজাৰ মুক্তি পোৱাৰ পাছতে দৰ্শকৰ ভাল সঁহাৰি পোৱা গৈছে। এই ছবিখনত তেওঁক স্ক্ৱাড্ৰন লিডাৰৰ চৰিত্ৰত দেখা যাব। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হৃতিক ৰোশন, অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ আদিয়ে। ছবিখন পৰিচালনা কৰিছে ‘ৱাৰ’ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দই। ২৬ জানুৱাৰীত মুক্তি পাব এই ছবিখন।
হিন্দুস্থান সমাচাৰ/লোকেশ চন্দ্ৰ/মনোজ
