তিনিচুকীয়া, ০১ জুলাই (হি.স.): তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে । যোৱাকালি সোমবাৰে সন্ধিয়া চলোৱা আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ এগৰাকী মহিলা আৰু এজন পুৰুষক আটক কৰা হয়।
আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে জাগুনৰ জয়া কলিতা আৰু আঠ মাইল পাৰ্বতিপুৰৰ শিলাশ বাঘৱাৰ বুলি পৰিচয় পোৱা গৈছে । জাগুন পাৰ্বৰতিপুৰ গাঁৱত অভিযান চলাই এএছ ২৩ এক্স ৩৪৩৮ নম্বৰৰ মটৰ চাইকেলসহ উদ্ধাৰ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
