কোকৰাঝাৰ, ০১ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীত যোৱাকালি সোমবাৰে বিয়লি ১৫০ খন আসনৰ সক্ষমতা থকা টিকেন্দ্ৰজিৎ নাৰ্জাৰী মেমোৰিয়েল ডিজিটেল মিনি চিনেমা হল’ৰ শুভ উদ্বোধন কৰা হয়। চিনেমা প্ৰেক্ষাগৃহটো উদ্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ।
উল্লেখ য়ে সৰকাৰে প্ৰায় ডেৰ বছৰ আগত ৬ খন ডিজিটেল মিনি চিনেমা হল নিৰ্মাণৰ সিদ্ধন্ত গ্ৰহণ কৰিছিল । তাৰে ভিতৰত প্ৰথমটো চিনেমা প্ৰেক্ষাগৃহ নিৰ্মাণ সম্পুৰ্ণ কৰি সেৰফাংগুৰীত শুভ উদ্বোধন কৰা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
