মৰিগাঁও, ২২ ফেব্ৰুৱাৰী : মৰিগাঁও সদৰ আৰক্ষীয়ে যোৱা কালি বিয়লি ড্ৰাগছ বিৰোধী অভিযান চলায়। এই অভিযানত ধৰা পৰে দুই ড্ৰাগছ সৰবৰাহকাৰী।
প্ৰাপ্ত তথ্য়মতে, এএ ০২ এএফ ১৭৮৩ আৰু এএছ ০১ ইবি ৬৪৯৩ নম্বৰৰ দুখন মটৰ চাইকেলত ড্ৰাগছখিনি কঢ়িয়াই আনিছিল দুই সৰবৰাহকাৰীয়ে। আৰক্ষীয়ে কৰায়ত্ত কৰা দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে চাহাবুল হুছেইন আৰু চাইডোল ইছলাম বুলি পৰিচয় পোৱা গৈছে। দুটা চাবোনৰ বাকচত ড্ৰাগছখিনি ভৰাই সৰবৰাহ কৰাৰ সময়ত দীঘলবড়িত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ কৰায়ত্ত কৰে দুয়োজন লোকক।
