গোৱালপাৰা, ২১ ফেব্ৰুৱাৰী : গোৱালপাৰাত নকল সোণ সহ দুজনক আটক। উত্তৰ লক্ষীমপুৰ প্ৰৱঞ্চকৰ জালত পৰিল মধ্য প্ৰদেশৰ যুৱক। ৰাইজে খেদি খেদি ধৰিলে উত্তৰ লক্ষীমপুৰ নকল সোণ ব্যৱসায়ী ৰিয়াজুল ইছলামক। মধ্য প্ৰদেশৰ পৰা নকল সোণ কিনিবলৈ আহি আৰক্ষীৰ আলহি হ”ল আৱদেশ কুমাৰ আহিৰৱাৰ।
গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত বলবলা চান্দমাৰীত আজি ৰাইজে খেদি খেদি এগৰাকী নকল সোণ বিক্ৰী কৰা প্ৰবঞ্চক আটক কৰে । জানিব পৰা মতে লক্ষীমপুৰ ৰিয়াজুল ইছলামৰ যুৱক জনে বলবলাৰ চান্দমাৰীত গাওঁৰ ফুলবাৰ আলী নামৰ লোক জনৰ সৈতে মিলি মধ্য প্ৰদেশৰ যুৱক আৱদেশ কুমাৰ আহিৰৱাৰৰ ওচৰত নকল সোণ বিক্ৰী কৰাৰ পাঙ পাতে। দুই লাখ বিশ হাজাৰ টকাৰ বিনিময়ত এক কেজিত কৈ অধিক ওজনৰ সোণৰ টুকৰা এটা যুৱক জনক আদায় দিয়াৰ পিছত সেয়া নকল বুলি যুৱক জনে জ্ঞাত হয়।পিছত কথা বিষম দেখি প্ৰৱঞ্চক ফুলবৰে অধিকাংশ টকা লৈ পলায়ন কৰে।
একেদৰে আন জন প্ৰৱঞ্চক ৰিয়াজুল ইছলামে সোণৰ টুকুৰাটো লৈ দৌৰি পলাবলৈ চেষ্টা কৰে। প্ৰৱঞ্চক ৰিয়াজুল ইছলামৰ পিছে পিছে প্ৰৱঞ্চনাৰ বলি হোৱা মধ্য প্ৰদেশৰ যুৱক জনেও দৌৰিবলৈ ধৰাত ৰাইজৰ সন্দেহ ওপজে। ৰাইজে দুইয়োকে আটক কৰাত উৰহী গছৰ উৰ ওলাই পৰে। পিছত আগিয়া থানাত খবৰ দিয়াত আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ দুয়োকে আটক কৰি থানালৈ লৈ আহে।
