ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলৰ ভাটিপেটলা (সাতসেওৰা) গাঁওত ড্ৰাগছ বিৰোধী অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ খবৰ পায়, মঙলবাৰ সন্ধিয়া এই অভিযান চলোৱা হয়। অভিযানত ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰাৰ লগতে ড্ৰাগছ, নগদ ধন আৰু মোবাইল ফোন জব্দ কৰা হয়।
BulletsIn
-
ঘটনাটো ঘটিছে ধুবুৰী জিলাৰ তামাৰহাটৰ ভাটিপেটলা (সাতসেওৰা) অঞ্চলত।
-
মঙলবাৰ সন্ধিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়।
-
গোপন সূত্ৰৰ খবৰ পায় গোলকগঞ্জ আৰক্ষী চক্ৰ বিষয়াৰ নেতৃত্বত অভিযান আৰম্ভ হয়।
-
তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে এই অভিযানত অংশ লৈছিল।
-
অভিযানত মফিজুল হক নামৰ ড্ৰাগছ বেপাৰীজনক আটক কৰা হয়।
-
মফিজুল হক সাতসেওৰাৰ ভাই বোন কম্পিউটাৰ দোকানৰ গৰাকী।
-
মফিজুলৰ দোকানতেই গোপনে ড্ৰাগছৰ বেহা চলি আছিল বুলি অভিযোগ উঠিছে।
-
আৰক্ষীয়ে মফিজুলৰ পৰা ছটাকৈ কন্টেনাৰ, দুটা মোবাইল হেণ্ডছেট জব্দ কৰে।
-
লগতে নগদ ৭১৫৩০/- টকা উদ্ধাৰ কৰে।
-
মফিজুল হক দীৰ্ঘদিনৰ পৰা এই অবৈধ কাৰ্যকলাপত জড়িত আছিল বুলি জনাইছে স্থানীয় উৎসে।
