শিৱসাগৰ, ২৫ ফেব্ৰুৱাৰী : শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি ৰংপুৰ আইটিআইৰ কাষতে থকা লাহন মঞ্জিল এন্টাৰপ্ৰাইজ নামৰ বাণিজ্য়িক প্ৰতিষ্ঠানখনত যোৱাকালি নিশা প্ৰায় ১২:০০ বজাত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত প্ৰায় ১৫ লক্ষাধিক সা-সম্পদ অনিষ্ট হয় ।
ঘটনা অনুসৰি ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ কাষতে কোনো লোকে জুই ধৰা ফলত এই ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে । পিছত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় ।
