ইম্ফল, : নিৰাপত্তা বাহিনীৰ অভিযানত মণিপুৰৰ বিভিন্ন জিলাৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। থৌবাল আৰু চুৰাচান্দপুৰ জিলাৰ পৰা এই অস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে।
নিৰাপত্তাৰক্ষী বাহিনী আৰু চৰকাৰী সূত্ৰই সংবাদ মাধ্যমক অবগত কৰা অনুসৰি, চোৰাংচোৱা সুত্ৰৰ আধাৰত পাহাৰীয়া আৰু উপত্যকা জিলাৰ একাংশ অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল। অভিযানৰ সময়ত উদ্ধাৰ হোৱা মাৰাণাস্ত্ৰ সমূহ আছিল এটা ডাবল বেৰেল বন্দুক, ডাবল বেৰেল বন্দুকৰ সোতৰটা গোলাবাৰুদ, চাৰ্জাৰৰ সৈতে ৩(তিনি) ব’ফেং আৰ/এছ, ০১ (এটা) আৰ/এছ ভাৰটেক্স ষ্টেণ্ডাৰ্ড, ০২ (দুটা) বোমা, ৮১ এমএম মৰ্টাৰৰ এটা বোমা, ৩৬ নং হেণ্ড গ্ৰেনেডৰ দুটা, টিয়াৰ স্মোক গ্ৰেনেডৰ চাৰিটা, এটা টিয়াৰ চিলি গ্ৰেনেড, দুটা টিয়াৰ স্মোক শ্বেল , দুটা টিয়াৰ স্মোক শ্বেল, থৌবাল জিলাৰ পৰা চাৰিটা মিনিফ্লেয়াৰ কাৰ্টিজ (ৰঙা), ইনছাছ ৰাইফলৰ দহ জাই খালী গুলী আৰু ইনছাছ ৰাইফলৰ দহটা কাৰ্ট (খালী কেচ)।
আনহাতে, চুৰাচান্দপুৰৰ সাংগাইকোট আৰক্ষী থানাৰ অন্তৰ্গত ৱালখু গাঁৱৰ পৰা নিৰাপত্তাৰক্ষীয়ে পৃথক অভিযান চলাই বহু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা মাৰাণাস্ত্ৰ সমূহ হল(এটা) .৩০৩ ৰাইফল ২ জাই সজীৱ গুলীৰ সৈতে এটা মেগজিন, এটা ৯ এমএম পিষ্টলৰ সৈতে মেগজিন আৰু দুজাই সজীৱ গুলি, দুটা ১২ ব’ৰৰ এছবিবিএল ৰাইফল আৰু ইম্প্ৰভাইজড মৰ্টাৰ। চুৰাচান্দপুৰ জিলাৰ চিংগাট আৰক্ষী থানাৰ অন্তৰ্গত বংবাল গাঁওৰ বনাঞ্চলৰ পৰা উক্ত মাৰাণাস্ত্ৰ সমূহ উদ্ধাৰ কাৰ হয়।
চুৰাচান্দপুৰ জিলাৰ চাংগাইকত আৰক্ষী থানাৰ অন্তৰ্গত ৱালখু গাঁৱৰ পৰা এটা এ.কে. ৰাইফল, ছয়টা এছ বি বি এল বন্দুক, ৪ চাৰিটা ইম্প্ৰভাইজড হেভি মৰ্টাৰ, এটা এ কে-৪৭ৰ মেগাজিন, তিনি ইম্প্ৰভাইজড মৰ্টাৰ এম্ন, এটা চাইনিজ গ্ৰেনেড, ছয়টা ৭.৬২ এমএম এ.কে. গুলীবাৰুদ, দুটা ১২ ব’ৰৰ গুলী আৰু দুটা ৰেডিঅ’ চেট।
