ভূপাল, ফেব্ৰুৱাৰী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ২৫ ফেব্ৰুৱাৰীত মধ্যপ্ৰদেশলৈ এদিনীয়া ভ্ৰমণলৈ আহিব। তেওঁ ইয়াত গোৱালিয়ৰ, খাজুৰাহো আৰু ভূপালত অনুষ্ঠিত হোৱা দলীয় সভাত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ বাবে কৰ্মীসকলক পথ প্ৰদৰ্শন কৰিব। এই তথ্য বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ প্ৰভাৰী আশীষ আগৰৱালাই প্ৰদান কৰে।
তেওঁ অৱগত কৰে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৫ ফেব্ৰুৱাৰীত পুৱা ১১ বজাত গোৱালিয়ৰত গোৱালিয়ৰ-চাম্বল ক্লাষ্টাৰ, গোৱালিয়ৰ, মৰেনা, ভিন্দ আৰু গুণা নামৰ চাৰিটা লোকসভা সমষ্টিৰ পৰিচালন সমিতিৰ বৈঠকত ভাষণ দিব। ইয়াৰ পাছতে বিয়লি ৩ বজাত খাজুৰাহোত লোকসভাৰ সাধাৰণ সভা আৰু বুথ কমিটীৰ সন্মিলনত অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক পথ প্ৰদৰ্শন কৰিব। অমিত শ্বাহে সন্ধিয়া ৬:০০ বজাত ভূপালত প্ৰবুদ্ধজন সন্মিলনত সম্বোধন কৰিব আৰু তিনিটা হিতাধিকাৰী পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপন কৰিব।
